অসম লাইভ২৪ঃ বিশ্বৰ সকলো দেশেই হয়তো ভাৱিছে ভাৰতে কৰি দেখুৱালে আমি কিয় মহাকাশ গৱেষণাত আগবাঢ়িব পৰা নাই? বিশ্বৰ প্ৰায়কেইখন দেশেই বিগত কেইবাবছৰ ধৰি মহাকাশ গৱেষণাৰ কাম আৰম্ভ কৰিছে। কিন্তু ভাৰততকৈ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত বহু আগবাঢ়ি আছে বিশ্বৰ মহাশক্তিধৰ দেশ আমেৰিকা। আমেৰিকাৰ নাছাই বিগত চাৰি দশকৰো অধিক সময় ধৰি মহাকাশ বিষয়ক বিভিন্ন গৱেষণা চলাই আছে।
সূৰ্যৰ পৰা আৰম্ভ কৰি চন্দ্ৰ বা অন্য গ্ৰহ বিচৰা আদি কামত উল্লেখযোগ্য মহাকাশ সংস্থাই হৈছে নাছা। নাছাত একাধিক ভাৰতীয় বিজ্ঞানীয়েও কাম কৰি আছে। কিছুদিন পূৰ্বে ইছৰোৰ প্ৰাক্তন চেয়াৰমেন জি মাধৱন নায়াৰে কৈছিল, ‘বিশ্বৰ প্ৰথমশাৰীৰ মহাকাস গৱেষণা সংস্থাৰ বিজ্ঞানীসকলৰ তুলনাত বহু কম দৰমহা পাই ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ গৱেষকসকলে। তাৰপিছতো কিন্তু তেওঁলোকে মনেৰে কাম কৰে। খুব কম টকাৰ বিনিময়ত একাধিক মিছন তেওঁলোকে সম্ভৱ কৰি তুলিছে।’ ইছৰোৰ প্ৰাক্তন চেয়াৰমেনৰ এই মন্তব্যৰ পাছত বহুতেই প্ৰশ্ন কৰিছে, ISROৰ বিজ্ঞানীতকৈ NASA-ৰ বিজ্ঞানীৰ দৰমহা কিমান বেছি?
২০১৩ চনৰ ২৩ ডিচেম্বৰৰ দৰমহা নিৰিখ অনুসৰি NASA-ৰ বিজ্ঞানীসকলৰ সৰ্বোচ্চ দৰমহা আছিল বাৰ্ষিক ৯৩ হাজাৰ ১৭৫ ডলাৰ। যি ধন ভাৰতীয় মুদ্ৰাত ৭৭ লাখ ৩০ হাজাৰ ৫৬৬টকা। ২০১৮ চনত OPM পে স্কেল অনুসৰি এজন নতুনকৈ জইন কৰা মহাকাশবিজ্ঞানীৰ গ্ৰেড GS-১২, বছৰত ৬৩ হাজাৰ ৬০০ ডলাৰকৈ দিয়া হয় এইসকলক গৱেষকক। যি ধন ভাৰতীয় মুদ্ৰাত হয়গৈ ৫২লাখ ৭৬ হাজাৰ ৭৮০ টকা। দীৰ্ঘদিন ধৰি কোনো এজন মহাকাশ গৱেষকে নাছাত ভাল কাম কৰিলে তেওঁক ষ্টেপ-১০ৰ ক্ৰম অনুসৰি দৰমহা দিয়া হয়। অৰ্থাৎ এবছৰত তেওঁ লাভ কৰে ৮২ হাজাৰ ৬৮০ ডলাৰ। অৰ্থাৎ ৬৮ লাখ ৫৯ হাজাৰ ৮১৪ টকা।
ইয়াৰোপৰি GS-১৩ পে গ্ৰেডো লাভ কৰে নাছাৰ একাংশ বিজ্ঞানীয়ে। যিসকল ষ্টেপ-১ত আছে তেওঁলোকে বাৰ্ষিক ৭৫ হাজাৰ ৬২৮ ডলাৰ, অৰ্থাৎ ভাৰতীয় মুদ্ৰাত ৬২ লাখ ৭২ হাজাৰ ৬৮৪ টকা, ষ্টেপ-৩ ৰ গৱেষকসকলৰ বাৰ্ষিক দৰমহা ৯৮ হাজাৰ ৩১৭ডলাৰ অৰ্থাৎ ৮১ লাখ ৫৮হাজাৰ ৫৩৯ টকা। অন্যান্য একাধিক দেশৰ তুলনাত নাছাৰ বিজ্ঞানীৰ দৰমহা বহু বেছি। ইছৰোৰ বিজ্ঞানীসকলৰ দৰমহা যদি নাছাৰ বিজ্ঞানীৰ সৈতে তুলনা কৰা হয়, তেন্তে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ গৱেষকৰ দৰমহা অতি কম। ইছৰোৰ চেয়াৰমেন এছ সোমনাথে মাহিলী প্ৰায় ২লাখ ৫০ হাজাৰ টকা লাভ কৰে বুলি বিভিন্ন সূত্ৰই দাবী কৰে। অৱশ্যে দৰমহাৰ ওপৰিও অন্যান্য ভাট্টাসমূহ ভাৰতীয় মহাকাশ গৱেষণাৰ সৈতে জড়িত বিজ্ঞানীয়ে লাভ কৰি আহিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















