অসম লাইভ২৪- বসন্ত পঞ্চমী তিথিত বুদ্ধিৰ দেৱী সৰস্বতীৰ পূজা কৰা হয়। এই তিথিতেই দেৱীক হালধীয়া ফুল, হালধীয়া বস্ত্ৰ নিবেদনৰ ওপৰিও হালধীয়া ৰঙৰ ভোগ নিবেদন কৰা হয়। হালধীয়া ৰং দেৱীৰ অত্যন্ত প্ৰিয়। এই তিথিত হালধীয়া পোছাক পিন্ধি দেৱীৰ আৰাধনা কৰিলে বাগদেৱী প্ৰসন্ন হয়। আজিৰ দিনটোত বাগদেৱীক কি কি ভোগ নিবেদন কৰিব বিস্তাৰিতভাৱে জানি থওক।
বাসন্তী পোলাও
বসন্ত পঞ্চমী তিথিত সৰস্বতীক হালধীয়া ৰঙৰ ভোগ নিবেদন কৰাটো অতি শুভ।এই দিনটোত ঘিউ, চেনী, জাফৰান আদিৰে মিঠা পোলাও তৈয়াৰ কৰি দেৱীক নিবেদন কৰক। পাঁঁচজনী বালিকাক পোলাও খোৱাওক। পূজাৰ শেষত এই পোলাও প্ৰসাদ হিচাপে পৰিয়ালৰ লগতে শিশুসকলক খোৱাব।
ৰাজভোগ
এই তিথিত দেৱী সৰস্বতীক ৰাজভোগ নিবেদন কৰিব। হালধীয়া ৰঙৰ ৰাজভোগ নৈবেদ্য হিচাপে নিবেদন কৰাৰ পাছত সকলোৰে পাছত বিলাই দিব। ইয়াৰ ফলত সৌভাগ্য বৃদ্ধি হ’ব। ইয়াৰোপৰি দেৱীৰ আশীৰ্বাদত ব্যক্তিয়ে সদবুদ্ধি লাভ কৰিব।
বগৰী
বগৰী দেৱীৰ অত্যন্ত প্ৰিয়। সৰস্বতী পূজা নোহোৱা পৰ্যন্ত বগৰী খাব নালাগে বুলি প্ৰচলিত আছে। সৰস্বতী পুজাৰ সময়ত দেৱীক পাঁচটাকৈ হালধীয়া ফল নিবেদন কৰক। ইয়াৰ মাজতেই বগৰীও অন্যতম। ইয়াৰ ফলত দেৱীয়ে ভক্তৰ প্ৰাৰ্থনা স্বীকাৰ কৰে।
বেচনৰ লাড্ডু
বেচনৰ লাড্ডু নিবেদন কৰিলে দেৱী প্ৰসন্ন হয় আৰু সুখ আশীৰ্বাদ বৰ্তি থাকে। ইয়াৰ ফলত পৰিয়ালত ইতিবাচক শক্তিৰ প্ৰভাৱ বৃদ্ধি পায়। শাস্ত্ৰ মতে বসন্ত পঞ্চমীত বেচনৰ লাড্ডুৰ ভোগ নিবেদন কৰক। সমাজত ব্যক্তিৰ প্ৰভাৱ বাঢ়িব।
মালপোৱা
স্কুল বা কলেজ পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলে ঘৰত সৰস্বতী পুজাৰ আয়োজন কৰা উচিত। এই তিথিত দেৱীক মালপোৱাৰ ভোগ নিবেদন নকৰিব। সন্তানৰ পঢ়াশুনা দুৰ্বল হ’লেহে দেৱীক মালপোৱাৰ ভোগ নিবেদন কৰক। ইয়াৰ পাছত মালপোৱা অসহায়সকলৰ মাজত বিতৰণ কৰি দিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















