নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে প্ৰতিটো গ্ৰহই স্থান পৰিবৰ্তন কৰে৷ যাৰ কম বেছি প্ৰভাৱ পৰে ১২ ৰাশিৰ ওপৰতে৷ শনিক গ্ৰহৰ মাজত সকলোতকৈ ধীৰ গতিত চলা গ্ৰহ হিচাপে ধৰা হয়৷ কৰ্মফলদাতা শনিয়ে এটা ৰাশিত আঢ়ৈ বছৰ ধৰি থাকে৷ ইয়াৰপাছতেই আকৌ সেই ৰাশিত উভতি আহিবলৈ মাজত সময় লয় ৩০বছৰ৷
জ্যোতিষশাস্ত্ৰত শনি গ্ৰহৰ প্ৰত্যক্ষ আৰু বিপৰীতমুখী গতিবিধিও খুবেই গুৰুত্বপূৰ্ণ৷ যাৰ শুভ আৰু অশুভ প্ৰভাৱ পৰে বিভিন্ন ৰাশিৰ ওপৰত৷ বৰ্তমান শনিয়ে কুম্ভ ৰাশিত বিপৰীতমুখী গতিত আছে৷ আগন্তুক ১৫ নৱেম্বৰত কুম্ভ ৰাশিতেই প্ৰত্যক্ষ গতিত আহিব শনি৷ ২০২৫ চনত কুম্ভৰ পৰা বাহিৰলৈ ওলাই মীন ৰাশিত প্ৰৱেশ কৰিব৷ আৰু তেতিয়াই এক দুৰ্লভ ৰাজযোগ তৈয়াৰ হ’ব৷ যাৰ শুভ প্ৰভাৱত ৩ ৰাশিত জীৱনত উপচি পৰিব অৰ্থ আৰু সাফল্য৷ জানক কাৰ কাৰ ভাগ্যত কি আছে?
মেষ ৰাশি
শনিৰ অৱস্থান পৰিবৰ্তন মেষ ৰাশিৰ বাবে লাভজনক৷ কৰ্মক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা আছে৷ কাৰ্যালয়ত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ সহযোগিতা পাব পাৰে৷ অৰ্থভাগ্য তুংগত থাকিব৷ যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকে নতুন চাকৰিৰ ভাল সুযোগ পাব পাৰে৷ যি কোনো নতুন ব্যৱসায়ত কৰাৰ বাবে এয়াই শুভ সময়৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷
বৃষ ৰাশি
শনিৰ প্ৰভাৱত সুদিন আহিব বৃষ ৰাশিৰ জাতকৰ জীৱনত৷ বহু দিন ধৰি ৰৈ থকা কাম এইবাৰ সম্পূৰ্ণ হ’ব৷ পেছাগত জীৱনত বৃহৎ উন্নতিৰ সুযোগ আহিব৷ কৰ্মস্থানত পৰিবেশ অনুকূল থাকিব৷ কৰ্মক্ষেত্ৰত দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে৷ ব্যৱসায়ীয়ে লাভৰ মুখ দেখিব৷
ধনু ৰাশি
শীঘ্ৰেই শনিৰ শুভ প্ৰভাৱ পৰিব ধনু ৰাশিৰ জাতকৰ জীৱনত৷ যি কোনো চেলেঞ্জৰ মুখামুখি হৈ সাফল্য পাব৷ কৰ্মক্ষেত্ৰত বহুদিনৰ সমস্যাৰ সমাধান হ’ব পাৰে৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হ’ব৷ স্বাস্থ্যৰ উন্নতি হ’ব৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতকৰ জীৱনত ইতিবাচক প্ৰভাৱ পৰিব শনিৰ চলনত৷ বহুদিন ধৰি পাবলগীয়া ধন এইবাৰ লাভ কৰিব৷ কৰ্মক্ষেত্ৰত পৰিশ্ৰমৰ ফল পাব৷ চাকৰিত পদোন্নতি, ব্যৱসায়ত বৃহৎ চুক্তিৰ যোগ আছে৷ পৰিয়ালৰ কোনো সদস্যৰ সৈতে বিবাদ থাকিলে এই সম্পৰ্কত দূৰ হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ