আপোনাৰ যদি ষ্টেট বেংক অফ ইণ্ডিয়াৰ একাউণ্ট আছে তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে জৰুৰী৷ দেশৰ বৃহত্তৰ ৰাষ্ট্ৰায়ত্ত বেংকত অনলাইনৰ মাধ্যমেৰে ধন পঠিওৱাৰ ক্ষেত্ৰত কিছু নিয়মৰ সলনি হব কাইলৈৰ পৰা৷ ১৫ আগষ্টৰ পৰা এই নিয়ম কাৰ্যকৰ হব সকলো গ্ৰাহকৰ বাবে৷ মূলত আই এম পি এছ বা ইমিডিয়েট পেমেণ্ট চাৰ্ভিচৰ বাবে চাৰ্ভিছ চাৰ্জৰ সাল সলনি হব৷ আই এম পি এছৰ মাধ্যমেৰে অনলাইন টকা ট্ৰেন্সফাৰৰ চাৰ্জ এইবাৰৰ পৰা খুচুৰা গ্ৰাহকৰ বাবে সলনি হৈছে৷ এই সাল সলনিয়ে কৰ্পোৰেট গ্ৰাহকৰ বাবে আগন্তুক ৮ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰ হব৷ এই নিয়ম সলনিয়ে প্ৰায় ৪০ কোটি এছ বি আইৰ গ্ৰাহকক প্ৰভাৱিত কৰিব৷
এইবাৰৰ পৰা কিমান ফি দিব লাগিব?
সাধাৰণতে অনলাইনত দ্ৰুত ধন পঠিওৱাৰ ক্ষেত্ৰত আই এম পি এছ পদ্ধতি ব্যৱহাৰ কৰা হয়৷ কিন্তু এতিয়া এই নতুন পৰিবৰ্তনৰ ফল আপুনি কিছু ডাঙৰ লেনদেনৰ ক্ষেত্ৰত খুব কম পৰিমাণে চাৰ্জ দিব লাগিব৷ ফলত সাধাৰণ গ্ৰাহক উপকৃত হব৷ কম পৰিমাণৰ লেনদেনৰ ক্ষেত্ৰত গ্ৰাহকৰ বাবে চাৰ্জ নাই বুলিও জনাইছে এছ বি আইয়ে৷ ২৫ হাজাৰতকৈ বেছি লেনদেনৰ ক্ষেত্ৰত কোনো চাৰ্জ দিব নালাগিব গ্ৰাহকে৷
ইণ্টাৰনেট বেংকিং বা ইয়োনো এপৰ মাধ্যমেৰে ২৫ হাজাৰ টকা লেনদেনৰ ক্ষেত্ৰত কোনো চাৰ্জ নালাগে৷ অৱশ্যে বেছি অংকৰ টকা ট্ৰেন্সফাৰৰ ক্ষেত্ৰত আপুনি নামমাত্ৰ ফি দিব লাগিব৷ ২৫ হাজাৰ টকাৰ পৰা ১ লাখ টকা পৰ্যন্ত লেনদেনত দিব লাগিব ২ টকা চাৰ্জ৷ ১ লাখৰ পৰা ২ লাখ টকা পৰ্যন্ত লেনদেনত দিব লাগিব ৬টকা চাৰ্জ৷ আৰু ২ লাখৰ পৰা ৫ লাখ টকা পৰ্যন্ত লেনদেনৰ ক্ষেত্ৰত দিব লাগিব ১০ টকা চাৰ্জ৷ ইয়াৰ সৈতে সংযুক্ত থাকিব জি এছ টিও৷
শাখাৰ পৰা ধন ট্ৰেন্সফাৰৰ কি কি নিয়ম?
আপুনি যদি ষ্টেট বেংকৰ কোনো শাখাৰ পৰা ধন পঠিয়াব খোজে তেন্তে তাতো কিছু পৃথক নিয়ম আছে৷ এইক্ষেত্ৰত ১০০০ টকা পৰ্যন্ত লেনদেনৰ ক্ষেত্ৰত কোনো চাৰ্জ দিব নালাগে আপুনি৷ ১০০০ টকাৰ পৰা ১০ হাজাৰ টকা পৰ্যন্ত লেনদেনত দিব লাগিব ২ টকা চাৰ্জ৷ ১০ হাজাৰৰ পৰা ২৫ হাজাৰ টকা পৰ্যন্ত লেনদেনত দিব লাগিব ৪টকা৷ ২৫ হাজাৰ টকাৰ পৰা ১ লাখ পৰ্যন্ত লেনদেনত আছে ৬টকা চাৰ্জ৷ আৰু ১ লাখৰ পৰা ২ লাখ পৰ্যন্ত লেনদেনত ১২ টকা চাৰ্জ৷ ২ লাখৰ পৰা ৫লাখ পৰ্যন্ত লেনদেনত আছে ২০ টকা চাৰ্জ৷ ইয়াৰ সৈতে যুক্ত হৈ থাকিব জি এছ টি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















