নিজৰ সন্তানক ভাল শিক্ষানুষ্ঠান এখনত পঢ়ুওৱাৰ সপোন প্ৰায়সংখ্যক অভিভাৱকৰে থাকে। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত সন্তানক পঢ়ুওৱা খৰচৰ কথা হয়তো নকলেও হ’ব। নামভৰ্তিৰ বাবে হেতাওপৰা লাগে নামী-দামী শিক্ষানুষ্ঠানসমূহত। নামভৰ্তিৰ বাবদ ভৰিব লাগে বুজন পৰিমাণৰ ধন। ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানসমূহে বিভিন্ন শিতানত সংগ্ৰহ কৰে হাজাৰ হাজাৰ টকা। এনে সময়ত সামাজিক মাধ্যমত ব্যক্তিগত শিক্ষানুষ্ঠানৰ নামভৰ্তিৰ এখন বিশেষ ৰচিদ ভাইৰেল হৈছে।
উচ্চ শাখা, মহাবিদ্যালয়, বিশ্ববিদ্যালয় পৰ্যায়ৰ কথা বাদেই; কেজি শাখাৰ নামভৰ্তিৰ মাচুলে এতিয়া চকু কপালত তুলিছে বহুতৰ। জুনিয়ৰ কেজি শ্ৰেণীৰ নামভৰ্তিসহ বাৰ্ষিক মাচুলৰ এখন ৰচিদ এতিয়া ভাইৰেল হৈছে সামাজিক মাধ্যমত। সামাজিক মাধ্যম ‘এক্স’ (পূৰ্বৰ টুইটাৰ)ত শ্বেয়াৰ হোৱা জুনিয়ৰ কেজি শাখাৰ মাচুলৰ ৰচিদখনে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। ৰচিদখনৰ এক বিশেষ শাখাৰ মাচুলৰ বিষয়ে যথেষ্ট চৰ্চা হৈছে।
সামাজিক মাধ্যমত ভাইৰেল হোৱা ফটোখন অনুসৰি নাম প্ৰকাশ নকৰা শিক্ষানুষ্ঠানখনে জুনিয়ৰ কেজি শাখাৰ মাচুল ৰচিদত অভিভাৱকৰ প্ৰশিক্ষণৰ বাবদ সংগ্ৰহ কৰা মাচুলে চৰ্চা লাভ কৰিছে। ২০২৪-২৫ শৈক্ষিক বৰ্ষৰ বাবে শিক্ষানুষ্ঠানখনে নিৰ্ধাৰণ কৰা মাচুলে আচৰিত কৰি তুলিছে সকলোকে। অভিভাৱকৰ প্ৰশিক্ষণৰ বাবদ নিৰ্ধাৰণ কৰিছে ৮,৪০০ টকা। ইয়াকে লৈ সামাজিক মাধ্যমত বিভিন্নজনে বিভিন্ন কমেণ্টো কৰিছে।
শিক্ষানুষ্ঠানখনে জুনিয়ৰ কেজি শ্ৰেণীৰ নামভৰ্তিৰ বাবদ ৫৫,৬৩৮ টকা ধাৰ্য কৰাৰ উপৰিও বাৰ্ষিক মাচুল নিৰ্ধাৰণ কৰিছে ২৮,৩১৪ টকা। ইয়াৰ উপৰি ডেভেলপমেণ্ট ফীজ ১৩,৯৪৮ টকা আৰু টিউচন ফীজ ২৩,৭৩৭ টকা নিৰ্ধাৰণ কৰা হৈছে। ফটোখন শ্বেয়াৰ কৰি এগৰাকী সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে কেপচনত লিখিছে, ‘এতিয়াহে বুজিছো দেউতাই মোক কিয় চৰকাৰী বিদ্যালয়ত পঢ়ুৱাইছিল’।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ