কলিকতা নহয়, এইবাৰ নগাঁৱত টিউচনৰ পৰা উভতি অহা ছাত্ৰীক দলবদ্ধ…,অনিৰ্দিষ্টকাললৈ ধিং বজাৰ বন্ধ
সমগ্ৰ দেশ তোলপাৰ লগোৱা তথা দেশ কঁপাই যোৱা কলিকতাৰ মহিলা চিকিৎসকৰ সৈতে সংঘটিত হোৱা ঘটনাই চাৰিওফালে পৰিৱেশ উত্তপ্ত কৰি থকাৰ সময়তে এইবাৰ এইখন অসমত দলবদ্ধ ধৰ্ষণৰ বলি এগৰাকী চাত্ৰী।
টিউচনৰ পৰা উভতি অহাৰ পথত দলবদ্ধ ধৰ্ষণৰ বলি হয় কিশোৰী ছাত্ৰীগৰাকী। নগাঁও জিলাৰ ধিঙত সংঘটিত হৈছে এই অমানৱিক ঘটনা।
ধিঙত সন্ধিয়া প্ৰায় ৭ মান বজাত সংঘটিত হৈছে এই জঘন্য ঘটনা। টিউচনৰ পৰা ঘৰলৈ বুলি যোৱাৰ পথত ধৰ্ষণৰ বলি হ’ল এইগৰাকী কণমানি কিশোৰী ।
টিউচনৰ পৰা ঘৰলৈ ঘুৰি অহাৰ পথত নিৰ্জনতাৰ সুযোগ লৈ পাষণ্ডৰ দলে ধৰ্ষণ কৰে দশম শ্ৰেণীৰ অধ্যয়নৰত কিশোৰীগৰাকীক। ধৰ্ষণকাৰীয়ে কিশোৰী গৰাকীক ধৰ্ষণ কৰি উঠি মুমূৰ্ষ অৱস্থাত জংঘলত পেলাই থৈ যায়।
তেনেদৰেই জংঘলত প্ৰায় এক ঘণ্টা মান সময় ধৰি চটফটাই থাকে কিশোৰী ছাত্ৰীগৰাকী। অৱশেষত পথচাৰীয়ে প্ৰত্যক্ষ কৰাৰ পাছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহে।
পথৰ দাঁতিত সম্পূৰ্ণ উলংগ অৱস্থাত পৰি আছিল কিশোৰী গৰাকী। পথাচাৰীয়ে ছাত্ৰগৰাকীক দেখা মাত্ৰেই ধিং আৰক্ষীৰ খবৰ দিয়ে।
লগে লগেই ধিং আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ কিশোৰী গৰাকীক মুমূৰ্ষ অৱস্থাত উদ্বাৰ কৰি ধিং FRU ত ভৰ্তি কৰে যদিও , অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে নগাঁও টাউনলৈ প্ৰেৰণ কৰে।
বৰ্তমানে ঘটনাক কেন্দ্ৰ কৰি ধিঙত অব্যাহত তীব্ৰ উত্তেজনা। ছাত্ৰীগৰাকীৰ বাবে ৰািজপথলৈ ওলাই আহিছে শ শ জনতা, হাস্পতালো ভিৰ কৰিছে উত্তেজিত জনতাই। দোষীক অনতিপলমে কৰায়ত্ত কৰি জনতাই উচিত শাস্তিৰ দাবী জনায়।
আনহাতে অনিৰ্দিষ্টকাললৈ ধিং বজাৰ বন্ধ ঘোষণা আৰক্ষী প্ৰশাসনৰ। দোষীৰ সন্ধানত ইতিমধ্যে ঘেৰাও কৰিছে নগাঁও জিলা। চাৰিওফালে দোষাৰ সন্ধানত নামি পৰিছে আৰক্ষীৰ দল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ