দৰিদ্ৰতাই মেধাৰ হেঙাৰ হ’ব নোৱাৰে৷ কঠোৰ অধ্যৱসায়, দৃঢ়তা, কষ্টৰে নিজ লক্ষ্যত উপণীত হোৱাৰ আত্মবিশ্বাস থাকিলে হাজাৰ হেঙাৰকো ওফৰাই লক্ষ্য স্থান স্পৰ্শ কৰিব পাৰি৷
সেই কথাকেই এগৰাকী পৰীক্ষাৰ্থীয়ে আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাণিজ্য শাখাত অসমৰ ভিতৰতে স্থান লাভ প্ৰমাণ কৰি দেখুওৱালে৷
আজি ঘোষিত ফলাফলত বাণিজ্য শাখাত দশম স্থান অধিকাৰ কৰা এই দৰিদ্ৰ শিক্ষাৰ্থীগৰাকী হৈছে নগাঁও জিলাৰ বঢ়মপুৰৰ মাজপোতনি গাঁৱৰ চন্দন বৰা৷
লগতে পঢ়ক ‘মোৰ শৰীৰত মোৰ অধিকাৰ নাই যদি পুৰুষৰো নাই’ : পুৰুষৰ লগত মহিলাই নকৰে যৌন সম্পৰ্ক! কিন্তু কিয়?
গাঁওখনৰ হৰেণ বৰা আৰু নমিতা বৰাৰ সন্তান চন্দন বৰাই এই সাফল্যৰে কেৱল নিজৰ গাঁও আৰু শিক্ষানুষ্ঠাখনলৈকে নহয় নিজৰ জিলাখনলৈও গৌৰৱ কঢ়িয়াই আনিছে৷
উল্লেখ্য যে আৰ্থিক দৈন্যতাৰ বাবে চন্দনৰ পিতৃ হৰেণ বৰাই বৰ্তমান হাদয়ৰাবাদত ছিকিউৰিটি গাৰ্ডৰূপে কৰ্মৰত হৈ আছে৷ বৰ্হিৰাজ্যত এইদৰে কৰ্মৰত হৈ হৰেণ বৰাই নিজৰ পৰিয়ালটোক পোহপাল দি আহিছে৷
আনহাতে আজি ঘোষিত ফলাফলত পুত্ৰই এই সাফল্য লাভ কৰাৰ খবৰ লাভ কৰিয়েই সুখত হুকহুকাই কান্দি উঠে হৰেণ বৰাই৷
লগতে পঢ়ক সৌ সিদিনা সম্পন্ন হৈছিলহে বিবাহ! গৰ্ভৱতী হ’লেই ৰণবীৰৰ আলিয়া!
ইফালে চন্দৰ পিতৃ হৰেণ বৰাৰ কান্দোনৰ কথা জানিব পাৰি বঢ়মপুৰৰ মাজপোতনি গাঁওখনৰ লগতে চন্দনে অধ্যয়ন কৰা গীতাঞ্জলি জুনিয়ৰ কলেজৰ শিক্ষক সমাজৰ লগতে শিক্ষাৰ্থীসকলৰ মাজতো এক আৱেগিক পৰিৱেশে বিৰাজ কৰিছে৷
উল্লেখ্য যে সৰুৰে পৰা অতি মাধৱী ছাত্ৰ চন্দন বৰাই চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত বাণিজ্য শাখাত ৪৬১ নম্বৰেৰে দশম স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ