অসম লাইভ২৪ঃ বলীউডলৈ ভালদিন। দীৰ্ঘ চাৰি বছৰীয়া বিৰতিৰ অন্তত বলীউডক ভালদিন উপহাৰ দিছে পাঠানে। ২৫ জানুৱাৰীত মুক্তিলাভ কৰিছে পাঠানে। মুক্তিৰ পূৰ্বেই অগ্ৰিম টিকট বুকিঙত দেশ বিদেশত ৰেকৰ্ড কৰিছে পাঠানে। শ্বাহৰুখৰ কামবেক চিনেমাক লৈ দেশজুৰি দেখা গৈছে উন্মাদনা। গুৱাহাটী মহানগৰত পুৱাৰে পৰা দেখা গৈছে যান-জঁট। বক্স অফিচত শ্বাহৰুখ, জন, দীপিকাৰ পাঠানে প্ৰথম দিনাই পোৱা দৰ্শকৰ বিপুল সঁহাৰিৰ বাবে ৩০০ টা শ্ব’ বঢ়াই দিয়া বুলি প্ৰকাশ কৰিছে।
হিন্দী চিনেমাৰ ইতিহাসত পাঠানৰ দৰে কোনো চিনেমাৰেই ‘বিগেষ্ট ৰিলিজ’ পূৰ্বে হোৱা নাছিল বুলি বিশেষজ্ঞই দাবী কৰিছে। ২৬ জানুৱাৰীত পাঠানে আন এক চুনামী আনিব বুলি বহুসংখ্যক চিনেমা বিশেষজ্ঞই মন্তব্য কৰিছে। জৰুৰীকালিনভাৱে কোনো চিনেমাৰ বাবেই পূৰ্বে ৩০০ শ্ব’ দেশত বৃদ্ধি কৰা নাছিল। বিশ্বজুৰি মুঠ ৮,০০০ টা হলত মুক্তিলাভ কৰিছে পাঠানে৷ হিন্দী, তামিল ভাৰ্ছনটো মুক্তিলাভ কৰিছে পাঠানে৷ আন্তৰ্জাতিক স্তৰত ২৫০০টা হলত আৰু ভাৰতত ৫৫০০ হলত মুক্তিলাভ কৰিছে পাঠানে৷
উল্লেখ্য যে, বেছৰম ৰঙত গেৰুৱা বিকিনি পৰিহিতা দীপিকাক লৈ বয়কট আৰম্ভ কৰাসকললৈ বুঢ়া আঙুলি দেখুৱাই ভাৰতীয় ছবি ইতিহাসত নতুন ইতিহাস গঢ়িলে সিদ্ধাৰ্থ আনন্দৰ ছবি পাঠানে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ