শনি কি? শনি দৰ্শন জানেনে? শনি কৰ্মৰ দেৱতা৷ কৰ্ম আৰু কঠোৰ পৰিশ্ৰম অবিহনে জীৱনত একোৱেই সাধন নহয়। কিন্তু যেতিয়া এজন ব্যক্তিয়ে সফলতা লাভ কৰিবলৈ আৰম্ভ কৰে তেতিয়া তেওঁ প্ৰায়ে সৎ পথৰ পৰা বিচ্যুত হ’বলৈ আৰম্ভ কৰে। তেতিয়াই শনি আহে৷ আপোনাক ন্যায়, নিয়ম আৰু অনুশাসনৰ গুৰুত্ব শিকাবলৈ।
কঠোৰ পৰিশ্ৰমী মানুহক সদায় সন্মান কৰক। শনিদেৱ মানে কৰ্মফলদাতা। শনিয়ে ন্যায় ভাল পায়। গতিকে সিদ্ধান্তৰ কথা আহিলে শনি কঠোৰো হৈ পৰে। কোন কোন শনিয়ে আমাক ক্ষমা নকৰে? জানি থওক সবিশেষ৷
কেতিয়াও আনৰ অধিকাৰ দমন নকৰিব
যদি কোনোবাই শনিৰ ৰোষৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে কেতিয়াও নিজৰ বেয়া সময়বোৰ পাহৰিব নালাগে। যিসকলে টকা পাই অহংকাৰী হৈ অপ্ৰয়োজনীয়ভাৱে নিজৰ ধন-সম্পত্তিৰ অপচয় কৰে, তেওঁলোকৰ অধীনত কাম কৰা দুখীয়া আৰু অৰ্থনৈতিকভাৱে দুৰ্বল লোকসকলক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে আৰু তেওঁলোকৰ অধিকাৰক হত্যা কৰিবলৈ আৰম্ভ কৰে তেতিয়াই শনি ৰুষ্ট হয়৷
- দুখীয়াক হাৰাশাস্তি নকৰিবা
- দুৰ্বল মানুহৰ ওপৰত নিজৰ ক্ষমতা অপ্ৰয়োজনীয়ভাৱে প্ৰদৰ্শন কৰা উচিত নহয়।
- মহিলা আৰু শিশুৰ ক্ষতি কৰিব নালাগে
- আনৰ ধন নিজৰ দখললৈ অনাৰ কথা ভাবিব নালাগে
- বেয়া কাম কৰাৰ পৰা বিৰত থাকিব লাগে
- নিজৰ বেয়া সময় পাহৰিব নালাগে
- মানুহৰ কল্যাণৰ বাবে কাম কৰিব লাগে
- নিয়ম-নীতি মানি চলিব লাগিব
- কাকোৱেই পৰিকল্পিতভাৱে অপমান নকৰিব
শনিৰ দৰবাৰত কোন ৰজা আৰু কোন দৰিদ্ৰ?
শনি এগৰাকী ন্যায়ৰ বিচাৰক। তেওঁৰ দৰবাৰত ৰজা হওক বা দৰিদ্ৰ সকলো সমান। ভুলৰ শাস্তি তেওঁৰ দৰবাৰত সকলোৱে পায়৷ সময়ত শনি কঠোৰ হৈ শাস্তি প্ৰদান কৰে৷ শনিৰ মহাদশা, শনিৰ সদে সতী, শনি গোচৰৰ সময়ত এজন ব্যক্তিয়ে কঠোৰতকৈ কঠোৰ শাস্তিৰ সন্মুখীন হ’বলগীয়া হয়। ধন-সম্পত্তিৰ ধ্বংস হয়। সম্পৰ্ক নষ্ট হয়। আনকি আপুনি নিজকেই নিজে চিনি নোপোৱা পৰিস্থিতিও আহি পৰে৷
শনিক ভয় নকৰিব, তেওঁৰ দৰ্শন জানি লওক
শনিৰ উদ্দেশ্য কেৱল শাস্তি দিয়াই নহয়৷ আপোনাক উচিত-অনুচিতৰ পাৰ্থক্য দেখুৱাই দিয়াই শনিদেৱৰ কাম। শনিয়ে সৎ পথত থকা মানুহক ক্ষমা কৰাই নহয়, শুভ ফলো প্ৰদান কৰে। সেয়েহে কেতিয়াও বেয়া কাম কৰা উচিত নহয়। সকলোকে সন্মান কৰক আৰু কাৰো আৱেগক আঘাত নিদিব। যিসকলে সদায় আনক সহায় কৰিবলৈ আগবাঢ়ি আহে তেওঁলোকক শনিদেৱে নিশ্চিতভাৱে আশীৰ্বাদ দিয়ে। শনি মহাৰাজ যেতিয়া আপোনাৰ প্ৰতি আকৰ্ষিত হয় তেতিয়া পৃথিৱীৰ প্ৰতিটো অসুবিধাই আপোনাৰ বাবে সহজ হৈ পৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















