মহাকাশত গৈ অসুস্থ বোধ কৰিছে ভাৰতীয় মহাকাশচাৰী গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাই৷ ১৪ দিন মহাকাশ ষ্টেচনত থকাৰ উদ্দেশ্যে মহাকাশ ষ্টেচনলৈ যাত্ৰা কৰিছে শুভাংশুসহ তেওঁৰ দল৷ তাতেই গৈ অসুস্থ বোধ কৰিছে শুভাংশুৱে৷ মহাকাশ ষ্টেচনত উপস্থিত হোৱাৰ পাছতেই প্ৰচুৰ টোপনি লগা বুলি জনাইছে শুভাংশুৱে৷ নিজেই সেই কথা জনাইছে শুভাংশুৱে৷ তাত তেওঁলোকে নকৈ খোজ কাঢ়িবলৈ শিকা শিশুৰ দৰে খোজ কাঢ়িবলৈ লৈছে৷ নতুনকৈ খাবলৈকো শিকিছে বুলি জনাইছে৷
এই বিষয়ক লৈ বেছি চিন্তা কৰিবলৈ বাধা দিছে নাছাই৷ তেওঁলোকৰ পক্ষৰ পৰা কোৱা হৈছে যে সকলো এতিয়া ভৰশূন্য অৱস্থাত আছে৷ ফলত তাত গৈ এনে পৰিস্থিতি তৈয়াৰ হৈছে৷ কেইবাদিনৰ ভিতৰত সমগ্ৰ বিষয়টো এডজাষ্ট হৈ পৰিব বুলিও জনাইছে৷
ফুটবল খেলা ফিল্ডৰ আয়তনৰ মধ্যাকৰ্ষণহীন আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ পৰা আগন্তুক দুসপ্তাহ ১৬ বাৰ সূৰ্যোদয় আৰু সূৰ্যাস্ত দেখা পাব শুক্লা৷ ৪০০ কিঃমিঃ ওখৰ পৰা পৃথিৱীক দেখিবলৈ কেনে লাগে সেয়াও পৰ্যবেক্ষণ কৰিব শুক্লাই৷ এই প্ৰসংগত শুক্লাই কয়, ‘পৃথিৱীক এনে স্থানৰ পৰা দেখাৰ সুযোগ পোৱাটো এটা সৌভাগ্যৰ বিষয়৷ যাত্ৰাটো অসাধাৰণ আছিল৷ মহাকাশলৈ অহাৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছিলো৷ কিন্তু যি মুহূৰ্তত মই আন্তৰ্জাতিক মহাকাশ ষ্টেচনত প্ৰৱেশ কৰিলো আৰু ক্ৰুৰ সদস্যসকলে মোক স্বাগত জনালে মই সুখী হৈ পৰিছো৷ যেন আমাৰ বাবে তেওঁলোকে ঘৰৰ দুৱাৰ খুলি দিছে৷ মই অত্যন্ত আত্মবিশ্বাসী যে আগন্তুক ১৪ দিন বিজ্ঞান আৰু গৱেষণাক আগুৱাই লৈ যোৱা আৰু একেলগে কাম কৰাৰ অভিজ্ঞতাও অসাধাৰণ হব৷’
স্পেছ ষ্টেচনৰ পৰা সম্প্ৰচাৰৰ ভিডিঅ’ৰ পৰা জনা গৈছে যে সাত মহাকাশচাৰীয়ে শুভাংশুক তাতেই সুৰক্ষা সংক্ৰান্তিয় বিষয়সমূহ বুজাই দিছে৷ ইয়াৰপাছতেই নিশা সকলো মহাকাশচাৰীয়ে একেলগে নৈশাহাৰ কৰে৷ পুৰণি ৰীতি মানি মহাকাশ কেন্দ্ৰত প্ৰথম অহা মহাকাশচাৰীয়ে প্ৰথম নিশা সকলোৰে সৈতে একেলগে নৈশাহাৰ কৰিব লাগে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















