জ্যোতিষমতে শুক্ৰই যেতিয়া নিজৰ আপোন ৰাশি তুলা-বৃষ বা উচ্চ ৰাশি মীনলৈ যায় তেতিয়াই মালব্য ৰাজযোগ তৈয়াৰ হয়৷ আৰু ভাল খবৰ হৈছে যে ১৯ এপ্ৰিলতে তৈয়াৰ হ’ব এই ৰাজযোগ৷ যাৰ ফলত বাস্তৱ জীৱনত সুখ-স্বাচ্ছন্দ্য উভতি আহিব কিছু ৰাশিৰ জীৱনত৷ বিশেষকৈ ৫ৰাশিৰ লাভ হ’ব৷ আপোনাৰ অর্থভাগ্য উভতিব৷ ইয়াৰোপৰি জীৱনৰ সমস্যা দূৰ হব৷ চাকৰি আৰু ব্যৱসায়ত লাভ পাব৷
সময় নষ্ট নকৰি জানি থওক ৫ৰাশি কি কি?
বৃষ ৰাশি
এই ৰাজযোগত ভাল সময় কটাব বৃষ ৰাশিয়ে৷ আপুনিয়ে সকলোতকৈ বেছি লাভ পাব এই যোগৰ৷ এই সময়ত আপোনাৰ ব্যক্তিত্বই নতুন ৰূপ ল’ব৷ সমাজত বাঢ়িব মান আৰু সন্মান৷ ইয়াৰোপৰি যি কাম বহু দিন ধৰি ৰৈ আছিল সেয়া সম্পূৰ্ণ হ’ব৷ আৰ্থিক দিশৰ পৰাও এই সময় শুভ৷ এই সময়ত বিনিয়োগ কৰিলে ভাল লাভ পাব৷ চিন্তাৰ কোনো কাৰণ নাই৷
সিংহ ৰাশি
এই ৰাশিৰ জাতকৰ বাবেও এই সময় শুভ৷ আপোনাৰ কেৰিয়াৰত আগুৱাই যাব৷ কৰ্মক্ষেত্ৰত সকলোৱে আপোনাৰ প্ৰশংসা কৰিব৷ চৰকাৰী চাকৰি কৰিব পাব পাৰে৷ যিসকলে ৰাজনীতি কৰিছে তেওঁলোকে এই সময়ত নতুন দায়িত্ব পাব৷ ডাঙৰ কামত হাত দিব পাৰে৷ জীৱনত সুখ আৰু স্বাচ্ছন্দ্য বাঢ়িব৷ স্থিৰতা আহিব৷ ভাল সময় কটোৱাৰ বাবে সাজু হওক৷
বৃশ্চিক ৰাশি
এই ৰাজযোগত ভাল সময় কটাব আপুনিও৷ বৈবাহিক জীৱনলৈ অহা সমস্যা দূৰ হব৷ সংসাৰত শান্তিয়ে বিৰাজ কৰিব৷ যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ প্ৰমোছন হব পাৰে৷ ইয়াৰোপৰি ব্যৱসায়ত নতুন পাৰ্টনাৰ পাব পাৰে৷ নতুন প্ৰজেক্ট লাভৰো সম্ভাৱনা আছে৷ ইয়াৰোপৰি এই সময়ত ডাঙৰ আৰ্থিক লাভ হব পাৰে৷
মকৰ ৰাশি
মকৰ ৰাশিৰ বাবেও এই সময় ভাল৷ প্ৰেমৰ সম্পৰ্কই নতুন দিশা পাব৷ পৈতৃক সম্পত্তি লাভ কৰিব পাৰে৷ ধনলাভৰো যোগ আছে৷ সৃষ্টিশীল কামৰ প্ৰতি আগ্ৰহ বাঢ়িব৷ চিন্তাৰ কাৰণ নাই৷
কুম্ভ ৰাশি
এই সময় কুম্ভ ৰাশিৰ জাতকৰ বাবেও শুভ৷ মালব্য ৰাজযোগৰ প্ৰভাৱত সুখ সুবিধা পাব৷ হাতলৈ আহিব ধন৷ বিনিযোগত লাভ বাঢ়িব৷ চাকৰিতো আগুৱাই যাব৷ ব্যৱসায়ত মুনাফা বাঢ়িব৷ ভাল সময় কটোৱাৰ বাবে সাজু হওক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















