অসম লাইভ২৪ঃ SI জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা অধিক ৰহস্যঘন হৈ পৰিছে। জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্যৰ মাজতে জি পি সিঙে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে ক’লে, CIDয়ে প্ৰতিবেদন যেনেকৈ দিব, সেই মতে ব্যৱস্থা হ’ব।
ঘটনাটোত দুখন জিলাৰ আৰক্ষী অধীক্ষক জড়িত হৈ আছে, গতিকে মই ‘ফ্ৰী হেণ্ড’ তদন্ত কৰিবলৈ এৰি দিছোঁ। চি আই ডিয়ে কেইবাগৰাকীও আৰক্ষীক সোধপোচ কৰিছে নগাৱঁত। ৰাভা উপাধিৰ এগৰাকী আৰক্ষীক বৃহস্পতিবাৰো সোধপোচ কৰিছে আৰক্ষীয়ে। ইফালে আৰক্ষীৰ মাজৰ এক কল ৰেকৰ্ডিঙো শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে। এই কল ৰেকৰ্ডিঙত জোনমণিক নগাঁও চহৰত ৰডেৰে মৰিয়াই থকা বুলি কৈছে এগৰাকী আৰক্ষীয়ে। আনহাতে ১২.১৫বজাত জোনমণিক ৰিজাৰ্ভ ক্লজ কৰা হৈছে বুলিও উল্লেখ কৰিছে ৰেকৰ্ডিঙটোত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ