পঞ্জাৱৰ আম আদমি পাৰ্টিৰ চৰকাৰে নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰাৰ মাত্ৰ এটা দিনৰ পিছতে অৰ্থাৎ দেওবাৰে পঞ্জাৱ জনপ্ৰিয় শিল্পী তথা ৰাজ্যখনৰ কংগ্ৰেছ সিদ্ধু মুছেৱালাক দিন দুপৰতে অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে৷
এই হত্যাকাণ্ডই সমগ্ৰ দেশ জোকাৰি যোৱাৰ লগতে পঞ্জাৱৰ ভগৱম্ত মান আপ চৰকাৰৰ বিৰুদ্ধে দেশৰ সৰ্বত্ৰে তীব্ৰ ভাষাৰে সমালোচনাৰ জোৱাৰ তুলিছে৷ পঞ্জাৱৰ জনগণই অনভিজ্ঞ তথা অপৰিপক্ক আপ চৰকাৰ গঠন কৰাৰ কুফল ভুগিছে বুলি কংগ্ৰেছে তীব্ৰ আক্ৰমণ কৰিছে ভগৱন্ত মান চৰকাৰৰ লগতে পঞ্জাৱী জনতাকো৷
পঞ্জাৱৰ নৱপ্ৰজন্মৰ জনপ্ৰিয় শিল্পীগৰাকী হত্যাকণ্ডই দেশত তোলপাৰ লগাই থকাৰ সমান্তৰালভাৱে কোনে এই হত্যাকাণ্ড সংঘটিত কৰিলে তাকে লৈ বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে৷
লগতে পঢ়ক ছালত হোৱা ভেঁকুৰৰ সংক্ৰামক ৰোগৰ পৰা কেনেকৈ উপশম লাভ কৰিব?
ইয়াৰ মাজতে বলিউদৰ জনপ্ৰিয় পাঞ্জাৱী শিল্পী তথা সদ্য প্ৰয়াত সিদ্ধুৰ ঘণিষ্ঠ বন্ধু মিকাই এই হত্যাকাণ্ড কোনে সংঘটিত কৰিছে সেই সম্পৰ্কে মুখ খুলিছে৷
মিকাই মম্বাইৰ সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি সিদ্ধু মুছৱালাই গেংষ্টাৰৰ পৰা হত্যাৰ ভাবুকি লাভ কৰি আহিছিল৷ তেওঁৰ মতে সিদ্ধুৰ হত্যাৰ আঁৰত গেংষ্টাৰৰেই হাত আছে৷
‘ইবন বতুতা’ৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে কয় যে, ‘‘চাৰি বছৰ আগতে সিদ্ধুৱে গেংষ্টাৰৰ ভাবুকিৰ কথা কৈছিল, কিছুমান গেংষ্টাৰে হয়তো তেওঁৰ পৰা ধন দাবী কৰাৰ চেষ্টা কৰিছিল।’’ শিল্পী মিকাই লগতে কয়৷
লগতে পঢ়ক KGFৰ প্ৰভাৱ! চিগাৰেট হুপি চিকিৎসাধীন হ’ল কিশোৰ, ক’ত ঘটিল এই ঘটনা?
মিকাই লগতে আক্ষেপ কৰি কয় যে তেওঁ খেল নেখেলাকৈয়ে ভালকৈ জীয়াই থাকিব পাৰিলেহেঁতেন, আৰু বহু কিবা কৰিব পাৰিলেহেঁতেন! ‘‘সিদ্ধু যোৱা সপ্তাহত মুম্বাইলৈ আহিছিল। তেওঁ মোক কৈছিল যে তেওঁ ইয়াত মুক্তভাৱে আৰু কোনো নিৰাপত্তা নোহোৱাকৈ ঘূৰিব পাৰে। মইও তেওঁক ভৱিষ্যতে মুম্বাইতে থাকিবলৈ কৈছিলো।’’
মিকাৰ মতে সিদ্ধু মুছেৱালা কেৱল পঞ্জাৱৰ নহয় সমগ্ৰ বিশ্বৰ গৌৰৱ। এটা কলমেৰে মাত্ৰ তিনি বছৰতে তেওঁ ইমান জনপ্ৰিয় হৈ উঠিছিল বুলিও কয় মিকাই।
সিদ্ধুৰ ৰেপৰ কথা কওঁতে মিকাই কৈছিল, ‘‘মুছেৱালাৰ নিজৰ গানত লাইট মুড নাছিল। মানুহে মাত্ৰ আটাইতকৈ ভাল লগা গীতবোৰ গাইছিল।” মিকাই সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ সঠিক তদন্ত আৰু বিচাৰৰ দাবী জনাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















