আকৌ বিবাহ পাশত আৱদ্ধ হ’ব কণ্ঠশিল্পী কণিকা কাপুৰ৷ ইতিমধ্যে ভাৱী স্বামীৰে মেহেন্দি চেলিব্ৰেশ্যন কৰিলে তাৰকা কণ্ঠশিল্পীগৰাকীয়ে৷
ইতিমধ্যে সামাজিক মাধ্যমৰ জনপ্ৰিয় চাইট ইনষ্টাগ্ৰামত মেহেন্দি অনুষ্ঠানৰ ফ’টো শ্বেয়াৰ কৰিছে কণিকা কাপুৰে৷
উল্লেখ্যে যে তাৰকা কণ্ঠশিল্পীগৰাকী প্ৰৱাসী ভাৰতীয় গৌতম হাথীৰামণিৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ কথা৷ গৌতম হৈছে ইংলেণ্ডৰ বাসিন্দা৷
লগতে পঢ়ক কাঁৰ ৰঙা দলিচাত অথন্তৰ! নগ্ন হৈ প্ৰতিবাদ যুৱতীৰ! কিন্তু কিয়?
লণ্ডনত গৌতম হাথীৰামণি আৰু কণিকাই মেহেন্দি অনুষ্ঠান সম্পন্ন কৰিছে৷ উক্ত অনুষ্ঠানৰ বহু আকৰ্ষণীয় ফ’টো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি কণিকাই গৌতমক উদ্দেশ্যি লিখিছে, ‘‘মই তোমাক বহুত ভাল পাওঁ৷’’
স্মৰ্তব্য যে ৪৩ বছৰ বয়সীয়া কণিকাই ১৯৯৭ চনত লণ্ডন নিৱাসী ভাৰতীয় ব্যৱসায়ী ৰাজ চন্দকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷ বিবাহপাশত আৱদ্ধ হৈয়ে কণিকাই লণ্ডনলৈ গুচি গৈছিল৷
লগতে পঢ়ক দেউতাকৰ পুৰণি চাইকেল ক্ৰয়, কণমানি শিশুৰ পাৰ ভঙা আনন্দৰ বন্যা কিয়?
তিনিটা সন্তানৰ মাতৃ কণিকাই ২০১২ চনত ৰাজৰ সৈতে বিবাহ বিচ্ছেদ কৰে৷ ইয়াৰ পিছতে কণিকাই পুনৰ মুম্বাইলৈ উভতি আহে৷
এতিয়া পুনৰ লণ্ডন নিৱাসীৰ গৌতম হাথীৰামণিৰ সৈতে বাগদান সম্পন্ন হোৱা কণিকা বৰ্তমান লণ্ডনতে আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ