গান তেওঁৰ পেছা৷ কিন্তু মানবীয়তা তেওঁৰ ধৰ্ম৷ বলীউডৰ জনপ্ৰিয় গায়িকা পলক মুছলে কেৱল মেৰি আশিকি, কৌন তুঝে বা প্ৰেম ৰতন ধন পায়োৰ দৰে গীতেই নহয় এইবাৰ ইতিহাস গঢ়িছে এক অসাধাৰণ মানসিক কামৰ বাবে৷ ইন্দোৰৰ এই সংগীতশিল্পীৰ নাম এতিয়া গিনিজ বুক অফ ৱাৰ্ল্ড ৰেকৰ্ডছ আৰু লিমকা বুক অফ ৰেকৰ্ডছচো অন্তৰ্ভূক্ত হৈছে৷ গানৰ বাবে নহয়, তেওঁৰ অসাধাৰণ সমাজসেৱাৰ বাবে তেওঁৰ নাম অন্তৰ্ভুক্ত হৈছে লিমকা বুক অফ ৰেকৰ্ডছত৷
পলকৰ নিজস্ব সংস্থা পলক-পলাশ চেৰিটেবল ফাউণ্ডেছনে ইতিমধ্যে ৩৮০০ৰো বেছি অসহায় শিশুৰ হৃদৰোগৰ অস্ত্ৰোপছাৰৰ খৰচ বহন কৰিছে৷ ভাৰতসহ বিশ্বৰ বিভিন্ন প্ৰান্তত তেওঁৰ এই কামে বহু পৰিয়ালক দিছে নতুন জীৱন৷ সকলোবোৰ আৰম্ভ হৈছিল তেওঁৰ এটা স্মৃতিক লৈয়েই৷ সৰুতে এক অসাধাৰণ ট্ৰেন যাত্ৰাই পলকক দিছিল মানুহক সহায় কৰাৰ মানসিকতা৷ পলকে সেই যাত্ৰাত দেখিছিল যে কিছু শিশুৱে ট্ৰেইনৰ গান গাই ভিক্ষা কৰি আছে৷ সেই মুহূৰ্তত নিজৰ মতে তেওঁ প্ৰতিজ্ঞা কৰে, ‘এদিন মই এওঁলোকক সহায় কৰিম৷’ ডাঙৰ হৈ সেই নিজকে দিয়া প্ৰতিশ্ৰুতিৰ মৰ্যদা ৰাখিছে পলকে৷ তেওঁৰ প্ৰতিটো কনছাৰ্টৰ উপাৰ্জনৰ এটা অংশ আৰু নিজৰ ব্যক্তিগত সঞ্চয়ো তেওঁ দান কৰি আহিছে হৃদৰোগত আক্ৰান্ত শিশুৰ অস্ত্ৰোপচাৰৰ বাবে৷
তেওঁৰ মানবিয়তা কেৱল শিশুৰ মাজতেই সীমাবদ্ধ নহয়৷ কাশ্মীৰৰ কাৰ্গিল যুদ্ধৰ শ্বহিদ পৰিয়ালৰ কাষতো থিয় দিছিল তেওঁ৷ গুজৰাটৰ ভূমিকম্পৰ সময়ত ১০ লাখ টকা সাহায্য পুঁজিলৈ দান কৰিছিল পলকে৷ পলকৰ কাষত থিয় দি আছে তেওঁৰ স্বামী তথা সুৰকাৰ মিথুনেও৷ তেওঁলোকে দুয়োৱে দুয়োৰে পৰিপূৰক৷ মিথুনে এবাৰ এই সন্দৰ্ভত কৈছিল, ‘শ্ব’ নাথাকিলেও আয় নাথাকিলেও তেওঁলোকে এই কাম চলাই যোৱাৰ চেষ্টা কৰিব৷’ সেই কথাই এতিয়া তেওঁলোকৰ জীৱনদৰ্শন৷ তেওঁলোকে প্ৰতিসময়তে আজিও আওৰাই আছে মানৱতাৰ মন্ত্ৰ৷ সেইবাবেই আজি পলক মুচ্ছলৰ নাম লিমকা বুক অৱ ৰেকৰ্ডছত আহিছে৷ লগতে দেশবাসীয়েও পলকক পুনৰ এবাৰ নতুন পৰিচয়েৰে চিনি পাবলৈ সক্ষম হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















