অসম লাইভ২৪ঃ কেন্দ্ৰীয় মন্ত্ৰী আৰু বিজেপি নেত্ৰী স্মৃতি ইৰাণীয়ে সোমবাৰে আমেঠি লোকসভা আসনৰ বাবে মনোনয়ন দাখিল কৰিছে৷ এই আসনৰ পৰা তৃতীয়বাৰৰ বাবে মনোনয়ন দাখিল কৰিছে স্মৃতি ইৰাণীয়ে৷ আমেঠিৰ বিজেপি প্ৰাৰ্থী স্মৃতি ইৰাণীয়ে মনোনয়নত উল্লেখ কৰিছে তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ৷ স্মৃতি ইৰাণীৰ শপতনামাত দিয়া তথ্য অনুসৰি বৰ্তমান তেওঁৰ সম্পতি মুঠ ৮ কোটি ৭৫ লাখ ২৪ হাজাৰ ২৯৬টকাৰ৷ আনহাতে তেওঁৰ স্বামীৰ হাতত আছে ৮কোটি ৮১লাখ ৭৭হাজাৰ ৭৯০ টকাৰ সম্পত্তি৷ স্মৃতিৰ হাতত আছে নগদ ১লাখ ৮হাজাৰ ৭৪০টকা৷ আনহাতে স্বামীৰ হাতত থকা নগদ ধনৰ পৰিমান হৈছে ৩লাখ ২১ হাজাৰ ৭০০টকা৷ তেওঁৰ স্বামীৰ বেংক একাউণ্টত আছে ৩৯,৪৯,৮৯৮টকা৷ মনোনয়ন দাখিলৰ সময়ত দিয়া ব্যক্তিগত তথ্যত স্মৃতি ইৰাণীৰ বিৰুদ্ধে কোনো অপৰাধমূলক গোচৰ নাই৷
স্মৃতি ইৰাণীৰ সম্পত্তি
নগদ ধনঃ ১,০৮,৭৪০
বেংকত জমাধনঃ ২৫, ৪৮, ৪৯৭
বণ্ডত বিনিয়োগঃ ৮৮, ১৫,১০৭
আভুষণঃ ২০,০০,০০০
ডাকঘৰত জমাঃ ৩০, ৭৭,৯৩৬
গহনাঃ ৩৭,৪৮,৪৪০
বাহনঃ ২৭,৮৬,০৫৩
অন্যান্য বিনিয়োগঃ ৭৮, ০৯,৫২৩
মুঠ স্থাৱৰ সম্পত্তিঃ ৩,০৮,৯৪,২৯৬
মুঠ অস্থাৱৰ সম্পত্তিঃ ৫,৬৬, ৩০,০০০
মুঠঃ ৮,৭৫,২৫,২৯৬
ঋণঃ ১৬,৫৫,৮৩০
জুবিন ইৰাণীৰ সম্পত্তি
নগদ ধনঃ ৩,২১, ৭০০
বেঙ্ক জমাঃ ৩৯,৪৯,৮৯৮
বণ্ডত বিনিয়োগঃ ৪৯, ১৫, ৬৫৮
অন্য বিনিয়োগঃ ১,৬৯, ৯৮, ৮১৮
ডাকঘৰত জমাঃ ৩,৫০, ০০০
গহনাঃ ১,০৫,০১৬
বাহনঃ ৪,৭০,১৭২
অন্যান্য সম্পত্তিঃ ৫৯, ০৬, ৫২৮
মুঠ স্থাৱৰ সম্পত্তিঃ ৩,৩০, ১৭, ৭৯০
মুঠ অস্থাৱৰ সম্পত্তিঃ ৫,৫১, ৬০, ০০০
মুঠঃ ৮,৮১, ৭৭,৭৯০
ঋণঃ শূন্য
১০বছৰত বৰ্ধিত সম্পত্তি
২০১৯ চনত দিয়া মনোনয়নত স্মৃতি ইৰাণীৰ সম্পত্তিৰ পৰিমাণ আছিল ৪, ৭১, ০১,৯৪৮টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি৷ ইয়াৰ পূৰ্বে ২০১৪ চনত তেওঁ ৪,১৪,৯৮, ৬২১ টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি থকাৰ কথা ঘোষণা কৰিছিল৷ ২০২৪ চনত সম্পত্তিৰ পৰিমান দুগুণে বৃদ্ধি পাইছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















