দুৰ্গা পূজাক লৈ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ কঠোৰ সকীয়নি, কৰিব লাগিব এই কাম
দুৰ্গা পূজাৰ সময়ত অশান্তিৰ সৃষ্টি কৰা সকলক বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে কঠোৰ সকীয়নি দিছে। দুৰ্গা পূজাৰ সময়ত সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰা বা হিন্দু উৎসৱৰ সময়ত পূজাস্থলীক লক্ষ্য কৰি লোৱা লোকসকলক ৰেহাই নিদিয়ে বুলি মন্তব্য নতুন চৰকাৰৰ। ইয়াৰ লগতে দুৰ্গা পূজাৰ সময়ত সম্ভাৱ্য বিপদৰ প্ৰতি লক্ষ্য ৰাখি মন্দিৰসমূহৰ নিৰাপত্তাৰ বাবে মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীক নিয়োগ কৰাৰ নিৰ্দেশ দিয়া হৈছে।
প্ৰকাশিত বাতৰি অনুসৰি দেওবাৰে বাংলাদেশৰ ধৰ্মীয় পৰিক্ৰমা উপদেষ্টা আবুল ফৈজ মহম্মদ খালিদ হুছেইনে কালি মন্দিৰ পৰিদৰ্শন কৰে। এই সময়ত তেওঁ কয়, ‘কোনোবাই যদি পূজাস্থলীত অশান্তিৰ সৃষ্টি কৰে বা পূজা কৰা লোকসকলক হাৰাশাস্তি কৰে, তেন্তে আমি তেওঁক ৰেহাই নিদিওঁ। আমি তেওঁলোকক আইনৰ পৰিসৰৰ অধীনলৈ আনি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম। আপোনালোকক জনাওঁ যে এইবাৰ নৱৰাত্ৰি ৩ অক্টোবৰৰ পৰা আৰম্ভ হ’ব আৰু ১২ অক্টোবৰত শেষ হ’ব। অহা ৮-৯ অক্টোবৰত বাংলাদেশত দুৰ্গা পূজাৰ বাবে বিপুল উৎসাহৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।
মন্দিৰ ভ্ৰমণৰ সময়ত খালিদ হুছেইনে হিন্দু সম্প্ৰদায়ৰ ৰাইজক উৎসাহেৰে হিন্দু উৎসৱ পালন কৰিবলৈ আহ্বান জনায়। লগতে তেওঁলোকৰ মন্দিৰৰ কোনো ধৰণৰ ক্ষতিৰ অনুমতি দিয়া নহ’ব বুলিও আশ্বাস দিয়ে। খালিদ হুছেইনে কয়, ‘যদি আপুনি আপোনাৰ মন্দিৰৰ নিৰাপত্তাৰ বাবে চিন্তিত তেন্তে নিশ্চিত হওক, কোনো অপৰাধীয়ে ইয়াত সফল নহ’ব। স্থানীয় ৰাইজৰ লগতে আমি মন্দিৰৰ নিৰাপত্তাৰ বাবে মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীকো নিয়োগ কৰিছো। আমাৰ ধৰ্মীয় উৎসৱ পালন কৰাত কোনেও বাধা দিব নোৱাৰে।
খালিদ হুছেইনে কয় যে, অন্তৱৰ্তীকালীন চৰকাৰে বাংলাদেশক বৈষম্যমুক্ত আৰু সাম্প্ৰদায়িকতামুক্ত দেশলৈ ৰূপান্তৰিত কৰিব বিচাৰে। আমাৰ লক্ষ্য হৈছে এখন নিৰাপদ আৰু সমৃদ্ধিশালী সমাজ গঢ়ি তোলা। শনিবাৰে ৰাজশাহী চাৰ্কিট হাউচতো শান্তিপূৰ্ণ দুৰ্গা পূজা সন্দৰ্ভত এক বৈঠক অনুষ্ঠিত কৰিছিল অন্তৱৰ্তীকালীন চৰকাৰৰ উপদেষ্টাগৰাকীয়ে। এই সময়ছোৱাত তেওঁ বিষয়াসকলক প্ৰয়োজনীয় নিৰ্দেশনা দিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ