অসম লাইভ ২৪ঃ ১ অক্টোবৰৰ পৰা অনুষ্ঠিত হ’ব বিশেষ হাইস্কুল শিক্ষান্ত পৰীক্ষা৷ মাধ্যমিক শিক্ষা সংসদে আজি প্ৰকাশ কৰে পৰীক্ষাৰ সময়সূচী৷ ১ অক্টোবৰৰ পৰা ১১ অক্টোবৰলৈকে অনুষ্ঠিত হ’ব এই বিশেষ হাইস্কুল শিক্ষান্ত পৰীক্ষা৷ পূৰ্বৰ ফলাফলত অসন্তুষ্ট পৰীক্ষাৰ্থীসকলৰ বাবে কৰা হৈছে এই বিশেষ ব্যৱস্থা৷ যিহেতু কোভিডৰ বাবে এইবৰ্ষত অনুষ্ঠিত হোৱা নাছিল hslc পৰীক্ষা৷ বিশেষ মূল্যাংকন পদ্ধতিৰে ঘোষণা কৰা হৈছিল পৰীক্ষাৰ ফলাফল৷ ১ অক্টোবৰত অনুষ্ঠিত হ’ব ইংৰাজী বিষয়ৰ পৰীক্ষা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ