অসম লাইভ ২৪ঃ মুক্তিৰ প্ৰথম দিনাই বক্স অফিচত অভিলেখ হলীউড ছবি Spider Man: No Way Homeৰ। বক্স অফিচত সৰ্বকালৰ দ্বিতীয় উপাৰ্জিত অপেনাৰ ছবি হিচাপে অভিলেখ ৰচনা স্পাইডাৰ মেনৰ। ভাৰতত এদিনতে সংগ্ৰহ ৩২.৬৭ কোটি টকা। মুক্তিৰ প্ৰথম দিনাই সৰ্বাধিক চৰ্চিত ছবি ‘সূৰ্যবংশী’ক ছেৰ পেলালে Spider Man: No Way Homeয়ে। এক অধ্যয়নত প্ৰকাশ পোৱা তথ্য অনুসৰি, ভাৰতত ক্ৰমান্বয়ে বৃদ্ধি পাইছে আন্তঃৰাষ্ট্ৰীয় ছবিৰ জনপ্ৰিয়তা। হলীউড ছবিক আকোৱালি লৈছে ভাৰতীয় দৰ্শকে। Spider Man: No Way Home ছবিখনলৈ অভূতপূৰ্ব সঁহাৰি আগবঢ়াইছে দৰ্শকে। Jon Wattৰ পৰিচালিত Spider-man ফিল্মচৰ MCU trilogy ৰ তৃতীয়খন ফিল্ম Spider Man: No Way Home৷ য’ত পিটাৰ পাৰ্কাৰৰ চৰিত্ৰত টম হলেণ্ডৰ কাহিনীৰ পৰিসমাপ্তি৷ মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্চ আৰু ইয়াৰ Story Arcৰ ধাৰাবাহিকতা আছিল Spider Man: No Way Home৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ