আগন্তুক সপ্তাহৰ পৰা আৰম্ভ হৈছে পিতৃপক্ষ৷ এইবছৰ ১৭ ছেপ্টেম্বৰত আৰম্ভ হৈছে পিতৃপক্ষ৷ এই পক্ষকাল, অৰ্থাৎ ১৫ দিন পিতৃপক্ষ চলাৰ পাছত আগন্তুক ২ অক্টোবৰত পিতৃপক্ষ শেষ হৈ দেৱীপক্ষৰ সূচনা হ’ব৷ হিন্দুধৰ্মত পিতৃপক্ষত পূৰ্বপূৰুষৰ তৰ্পণৰ বাবে প্ৰশস্ত এক বিশেষ সময়৷ পিতৃপক্ষৰ শেষ দিনটো মহালয়া হিচাপে পালিত হয়৷ হিন্দু বিশ্বাস অনুসৰি যিহেতু পিতৃপক্ষত শ্ৰাদ্ধকৰ্ম, তৰ্পণ ইত্যাদি মৃত্যু সংক্ৰান্তীয় আচাৰ অনুষ্ঠান পালিত হয়৷ সেয়ে এই পক্ষ শুভকামৰ বাবে উপযুক্ত নহয়৷ দক্ষিণ আৰু পশ্চিম ভাৰতত গণেশ উৎসৱৰ পৰবৰ্তী পূৰ্ণিমা অৰ্থাৎ ভাদ পূৰ্ণিমা তিথিত এই পক্ষ সূচিত হয় আৰু সমাপ্ত হয় সৰ্বপিতৃ অমাবস্যাত৷ উত্তৰ ভাৰত আৰু নেপালত ভাদৰ পৰিবৰ্তে আহিন মাহৰ কৃষ্ণপক্ষক পিতৃপক্ষ বুলি কোৱা হয়৷
হিন্দু আচাৰ অনুসৰি এই সময়ত প্ৰয়াত পিতৃপুৰুষ মৰ্ত্যলৈ নামি আহে৷ এই সময়ত কেইটামান নিয়ম মানি চলাটো খুবেই জৰুৰী৷ জানি থওক পিতৃপক্ষত কি কৰিব, কি নকৰিব?
পিতৃপক্ষত পালনীয় নিয়ম
পিতৃপক্ষত আমিষ যেনে নহৰু, পিয়াজ, মাছ, মাংস আদি এৰাই চলক৷
এই সময়ত ঘৰত সম্পূৰ্ণ সাত্ত্বিক আহাৰ খাওক৷
পিতৃপক্ষত বেঙেনা ৰন্ধা আৰু খোৱা একেবাৰেই বেয়া৷
মছুৰ দাইল, চানা দাইল, কলা জিৰা, জালুক, সৰিয়হ আদি নোখোৱাই ভাল৷
যিয়ে তৰ্পণ কৰে, তেওঁ এই সময়ত নখ কটা বা চুলি দাঢ়ি আদি কটা উচিত নহয়৷
যিয়ে তৰ্পণ কৰিব তেওঁ ভুলতো লেতেৰা কাপোৰ পৰিধান নকৰিব৷
তৰ্পণৰ সময়ত চামড়াৰে তৈয়াৰ কৰা কোনো সামগ্ৰী যেনে বেল্ট বা জোতা পৰিধান নকৰিব৷ ৱালেটো লগত নাৰাখিব৷
তৰ্পণৰ মন্ত্ৰোচ্চাৰণৰ মাজত কাৰো সৈতে বাৰ্তালাপ নকৰিব৷
যিয়ে তৰ্পণ কৰিব তেওঁ এই সময়চোৱাত শাৰীৰিক সম্পৰ্কতো লিপ্ত নহ’ব৷
পিতৃপক্ষৰ সময়ত কাকো মিছা কথা নক’ব, কাৰো প্ৰতি কোনো বেয়া চিন্তা নকৰিব৷
এই ১৬ দিন ঘৰত কাজিয়া পেচালৰ পৰিবেশ নাৰাখিব৷
তৰ্পণৰ সময়ত কলা, ৰঙা বা তীব্ৰ গোন্ধযুক্ত ফুল ব্যৱহাৰ নকৰিব৷
এই সময়ত লোহাৰ আসনত নবহিব৷ কাঠ, বেত, আদি আসনত বহিব পাৰে৷
পিতৃপক্ষৰ সময়ত নতুন কাপোৰ পৰিধান নকৰিব৷
এই পক্ষৰ সময়ত নতুন ঘৰ ভুলতো নল’ব৷ নতুন ব্যৱসায় আৰম্ভ নকৰিব৷
এই সময়ত কাৰো ওপজা দিনত অংশ নল’ব বা ঘৰতো আয়োজন নকৰিব৷
এই সময়ত নতুন বাহন ক্ৰয় নকৰিব৷
সন্ধিয়া, নিশা, গধুলি তৰ্পণ নকৰিব৷
তৰ্পণৰ দিনা কাপোৰ খচি নুধুব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ