অসম লাইভ ২৪: ছুৱেজ খালত আৱদ্ধ হৈ থকা কনটেইনাৰ শ্বীপ ‘এভাৰ গিভেন’ক উদ্ধাৰ কৰা হয়। সোমবাৰে টাগ নাওৰ জৰিয়তে উদ্ধাৰ কৰা হয় ‘এভাৰ গিভেন’ক। উদ্ধাৰ হয় কেপ্তেইনসহ ২৫গৰাকী ভাৰতীয় ক্ৰু সদস্য। চলিত বৰ্ষৰ ২৩ মাৰ্চত ছুৱেজ খালত আৱদ্ধ হৈ পৰিছিল মালবাহী জাহাজ ‘এভাৰ গিভেন’। জাহাজখনত অনা হৈছিল খাৰুৱা তেল। সম্প্ৰতি ছুৱেজ খাল কৰ্তৃপক্ষৰ সন্মুখীন হৈছে আটাইকেইগৰাকী ভাৰতীয় ক্ৰু সদস্য। আইনী মেৰপেচত সোমোৱাৰো সম্ভাৱনা আছে ভাৰতীয় সদস্যসকলৰ। এই সন্দৰ্ভত উদ্বিগ্ন হৈ পৰিছে ভাৰত চৰকাৰ আৰু সমুদ্ৰযাত্ৰীৰ সংগঠন। শ্বীপিং ইণ্ডাষ্ট্ৰীৰ সূত্ৰ অনুসৰি, ঘটনা সন্দৰ্ভত তদন্ত শেষ নোহোৱা পৰ্যন্ত গৃহবন্দী কৰি ৰখা হ’ব জাহাজৰ কেপ্তেইন আৰু ২৫গৰাকী ভাৰতীয় ক্ৰু সদস্যক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ