অপেক্ষা শেষ হ’ল৷ পৃথিৱীলৈ উভতি অহাৰ সকলো পথ মুকলি হল সুনীতা উইলিয়ামছ আৰু সহযাত্ৰী বেৰি বুচ উইলমোৰৰ৷ এই দুই মহাকাশচাৰীক পৃথিৱীলৈ উভতাই আনিবলৈ শুকুৰবাৰে মহাকাশলৈ ৰাওনা হল স্পেছ এক্সৰ ক্ৰু-১০৷ মহাকাশযানখনত সুনীতা আৰু বুচ উইলমোৰক উভতাই আনিবলৈ যাত্ৰা কৰিছে চাৰি মহাকাশচাৰীও৷ আন্তৰ্জাতিক স্পেছ ষ্টেচনত উপস্থিত হৈয়ে ক্ৰুৰ-১৯ৰ অভিযানত মহাকাশত থকা সুনীতা আৰু উইলমোৰক দায়িত্বৰ পৰা অব্যাহতি দিব এই চাৰি মহাকাশচাৰীয়ে৷ ক্ৰুৰ-১৯ৰ মহাকাশচাৰীৰ সৈতে একেলগে আকৌ পৃথিৱীলৈ উভতি আহিব ক্ৰুৰ-১০ত যাত্ৰা কৰা চাৰি মহাকাশচাৰী৷
চলিত সপ্তাহৰ আৰম্ভণিতেই মহাকাশযাতনখন ৰাওনা হোৱাৰ কথা থাকিলেও প্ৰযুক্তিগত ত্ৰুটিৰ কাৰণে সেই অভিযান পিছুৱাই দিয়াৰ কথা কৈছিল নাছাই৷ কিন্তু অৱশেষত সকলো ত্ৰুটি শেষ কৰি শনিবাৰে ৰাওনা হল উদ্ধাৰকাৰী মহাকাশযানখন৷ মহাকাশযানৰ সৈতে যাত্ৰা কৰা চাৰি মহাকাশচাৰী ক্ৰমে এন মেকক্লেইন আৰু নিকোল আয়াৰ্চ, জেকছা( জাপান এৰোস্পেছ এক্সপ্লোৰেছন এজেন্সি) তাকুৱা ওনিছি আৰু ৰছকছমছৰ মহাকাশচাৰী কিৰিল পেছকভ৷ পৰিকল্পনা অনুসৰি ক্ৰৰ-৯ অভিযানত যিসকল মহাকাশলৈ গৈছিল সেইসকল হৈছে নিক, আলেকজেণ্ডাৰ আৰু বোয়িং ষ্টাৰলাইনাৰৰ মহাকাশযানত উঠি মহাকাশত ভৰি থৈছিল সুনীতা আৰু বেৰি উইলমোৰে৷ মহাকাশলৈ উৰামৰা যানখনে বুধবাৰ ১৯ মাৰ্চত আন্তৰ্জাতিক স্পেছ ষ্টেচনৰ পৰা পৃথিৱীত উপস্থিত হব৷
https://x.com/NASA/status/1900684862035546258
বিগত বছৰ জুন মাহৰ ৮ দিনীয়া অভিযানত মহাকাশলৈ গৈছিল সুনীতা আৰু বেৰি৷ কিন্তু বিগত ১০ মাহত তেওঁক উভতাই অনাত অসফল হয় নাছা৷ যান্ত্ৰিক বিজুতিৰ বাবে তেওঁলোকক উভতাই অনাৰ অভিযান বাৰে বাৰে পিছুৱাই দিয়া হৈছিল৷ শেহতীয়াকৈ নাছাই স্পেছ এক্সৰ সহায়ত সুনীতা আৰু বেৰি বুচ উইলমোৰক পৃথিৱীলৈ উভতাই অনাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ