অসম লাইভ ২৪ঃ কোভিডৰ বৰ্ধিত সংক্ৰমণৰ ফলত বৃদ্ধি পোৱা মৃতদেহৰ সংখ্যাই প্ৰভাৱ পেলাইছে চুৰাটৰ শ্মশানত। লোহাৰ গলি ভাগি গৈছে মৃতদেহ জ্বলোৱা ফ্ৰেম। ২৪ ঘণ্টা অহৰহ মৃতদেহ জ্বলাই থকাৰ বাবে গলি গৈছে চুৰাটৰ শ্মশানৰ লোহাৰ গ্ৰীল। বিগত ২ সপ্তাহত কোভিড ৰোগীৰ মৃতদেহেৰে ভৰি পৰিছে চুৰাট আৰু বাৰ্ডলি টাউনৰ শ্মশান। ফলত গলি গৈছে শৱদাহৰ বাবে থকা গেছ বাৰ্ণাৰ ৰখা স্থানৰ লোহাৰ গ্ৰীল। আধুনিক কৌশলেৰে নিৰ্মাণ কৰা হৈছিল এই লোহাৰ ফ্ৰেমসমূহ। পূৰ্বতে ২০ টা মৃতদেহ জ্বলোৱা হৈছিল এদিনত, তাৰে কিছু শৱ দাহ কাঠেৰে কৰা হৈছিল আৰু কিছু সংখ্যক বাৰ্ণাৰত জ্বলোৱা হৈছিল। কিন্তু বিগত ২ সপ্তাহ ধৰি দৈনিক ৮০ৰো অধিক মৃতদেহ জ্বলাবলগীয়া হোৱাত শ্মশানৰ লোহাৰ গ্ৰীলসমূহ গলি যোৱাৰ বাবে এতিয়া শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাত অসুবিধাৰ সৃষ্টি হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ