সূৰ্য-শুক্ৰ-বুধৰ ত্ৰিগ্ৰহী যোগ, ১৫ জুনৰ পৰা গ্লোল্ডেন টাইম আৰম্ভ হ’ব ৪ ৰাশিৰ লোকৰ
গ্ৰহ বোৰৰ ৰজা সূৰ্যগ্ৰহ ১৫ জুন তাৰিখে বৃষ ৰাশিৰ পৰা মিথুন ৰাশিত প্ৰৱেশ কৰিব। আনহাতে ১২ জুনত বুধ গ্ৰহ আৰু ১৪ জুনত শুক্ৰ ৰাশিয়োই একেটা ৰাশি মিথুনত প্ৰৱেশ কৰিব।
জ্যোতিষশাস্ত্ৰ মতে মিথুন ৰাশিত সূৰ্য, শুক্ৰ আৰু বুধ গ্ৰহৰ মিলনে ত্ৰিগ্ৰহী যোগৰ সৃষ্টি হ’ব। যি ত্ৰিগ্ৰহী যোগে ৪ ৰাশিৰ লোকৰ বাবে বিশেষ ভাৱে ভাল ভাগ্য লৈ আহিব। ৰাশিৰ ওপৰত প্ৰসন্ন হৈ পৰিব ভাগ্য দেৱী।
বৃষ ৰাশি- বৃষ ৰাশিৰ জাতক-জাতিকাৰ ক্ষেত্ৰত ঘৰ, দোকান, মাটি-বাৰী আদি সম্পৰ্কীয়ত লাভ হ’ব। আপোনাৰ ৰৈ থকা টকা অথবা কামে পূৰ্ণতা পাব। চৰকাৰী চাকৰি কৰা সকলৰ ভাগ্য উদয় হব। এই সময়চোৱাত আপোনাৰ কোনো পুৰণা বিনিয়োগতো লাভৰ মুখ দেখা পাব।
মিথুন ৰাশি- এই ৰাশিৰ লোকৰ বিশেষকৈ ৰৈ থকা কামে পূৰ্ণতা লাভ কৰিব। পদোন্নতি হোৱাৰ লগতে সন্মান বৃদ্ধি পাব। নেতা হিচাপে প্ৰতিস্থিত হব। আৰ্থিক স্থিতি শক্তিশালী হৈ পৰিব। বহু দিশৰ পৰা ধনৰ আগমণ হব। বেংক বেলেঞ্চ বৃদ্ধি পাব। খৰচ হ্ৰাস পাব।
সিংহ ৰাশি- ধনে-দানে বৃদ্ধি পাব আপোনাৰ ভাগ্য। মনে বিচৰা ধৰণে চাকৰি অথবা ট্ৰেঞ্চফাৰ অথবা কৰ্ম লাভ কৰিব। নিবনুৱা সকলেও লাভ কৰিব কৰ্ম। ব্যৱসায়ৰ সৈতে থকা সকলেও উন্নতিৰ মুখ দেখিব ৰৈ থকা কামে অগ্ৰগতি লাভ কৰিব। সম্পত্তি বৃদ্ধি পোৱাৰ যোগ। টকা নিবেশ কৰিব পাৰে। আগলৈ গৈ লাভ হব।
কন্যা ৰাশি- কৰ্মক্ষেত্ৰত লাভ হব, সফলতাই আহি আপোনাৰ ভৰিত পৰিব। চাকৰি আথবা ব্যৱসায় দুয়োটা ক্ষেত্ৰতে উন্নতিৰ সম্ভাৱনা। জ্যোষ্ঠজনৰ পাৰ ভাল পৰামৰ্শ লাভ কৰিব। চাকৰিত পদোন্নতি হব। বেমাৰ-আজাৰ আদিৰ পৰা দূৰত থাকিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ