সূৰ্যক আত্মবিশ্বাস, যশ, খ্যাতি, প্ৰতিপত্তি, সাফল্য, নেতৃত্ব আৰু শক্তিৰ গ্ৰহ হিচাপে বিবেচনা কৰা হয়৷ দেৱগুৰু বৃহস্পতি সুখ, সৌভাগ্য, বিবাহ আৰু জ্ঞানৰ প্ৰতীক৷ ডিচেম্বৰ মাহত বৃহস্পতিৰ অধিপতি ধনু ৰাশিত গোচৰ কৰিব সূৰ্যই৷ এই গোচৰ কেইটামান ৰাশিৰ বাবে বৰ বিশেষ ভাল নহব৷ চৰম অশুভ প্ৰভাৱ পৰিব ৪ ৰাশিৰ জাতকৰ জীৱনত৷
১৬ ডিচেম্বৰ ২০২৫ত সূৰ্যই ধনু ৰাশিত গোচৰ কৰিব৷ সূৰ্য বৃহস্পতিৰ কোনো ৰাশিত প্ৰৱেশ কৰিলেই খৰমাহ আৰম্ভ হয়৷ সূৰ্য আৰু বৃহস্পতি উভয়েই শক্তিশালী গ্ৰহ৷ কিন্তু সূৰ্য বৃহস্পতিৰ ৰাশিত প্ৰৱেশ কৰিলে তাৰ শক্তি হ্ৰাস পায়৷ ধনু আৰু মীন ৰাশিত সূৰ্যৰ অৱস্থানৰ সময়ত খৰমাহ বা মলমাহ আৰম্ভ হয়৷ এই সময়ত কোনো শুভ কাম কৰা সম্ভৱ নহয়৷ ১৬ ডিচেম্বৰৰ পুৱা ৪.২৭ মিনিটত সূৰ্যই ধনু ৰাশিত প্ৰৱেশ কৰিব৷ ১৪ জানুৱাৰী ২০২৬ পৰ্যন্ত তাতেই থাকিব৷ এই এমাহ ধৰি চৰম দুৰ্গতি আছে বিশেষ ৪ৰাশিৰ জীৱনত৷
বৃষ ৰাশি
এই সময়ত বৃষ ৰাশিৰ জাতকে নানান অসুবিধাত সোমাই পৰিব পাৰে৷ ব্যৱসায়ীয়ে ক্ষতিৰ সন্মুখীন হব পাৰে৷ এই সময়ত কোনো নতুন চুক্তি নকৰাই ভাল৷ ৰিস্ক থকা কাম এই সময়ত নকৰিব৷ যিসকলে চাকৰি কৰে তেওঁলোকে সহকৰ্মী বা ঊৰ্ধতনসকলৰ সৈতে সুসম্পৰ্ক বজায় ৰাখিব৷ অন্যথা বিপদত পৰিব পাৰে৷
মিথুন ৰাশি
এই মাহ মিথুন ৰাশিৰ জাতকে চাপৰ মাজত কটাব৷ কামৰ চাপ বাঢ়িব৷ ফলত শাৰীৰিক ক্লান্তিয়ে দেখা দিব৷ অপ্ৰত্যাশিত কোনো সমস্যাই দেখা দিব পাৰে৷ আপোনাৰ শত্ৰুসকলৰ শক্তি বৃদ্ধি পাব৷ আপুনি বিপদত পৰিব পাৰে৷ অত্যন্ত প্ৰয়োজন নহলে এই সময়ত চহৰৰ বাহিৰলৈ নোযোৱাই ভাল৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতকে এই মাহত বিশেষ সাৱধানতা অৱলম্বন কৰা উচিত৷ আবেগৰ বশত সিদ্ধান্ত নোলোৱাই ভাল৷ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে বেয়া ব্যৱহাৰ ভুলতো নকৰিব৷ ডাঙৰ বিনিয়োগৰ সিদ্ধান্ত লোৱাৰ বাবে এই সময় উপযুক্ত নহয়৷
মীন ৰাশি
মীন ৰাশিৰ জাতকে স্বাস্থ্যজনিত সমস্যাত ভূগিব পাৰে৷ ক্লান্তি আৰু ৰক্তচাপৰ ফলত উদ্বেগত ভূগিব পাৰে৷ নিজৰ যত্ন লোৱাৰ বিষয়ে সতৰ্ক হওক৷ জীৱনসংগীৰ সৈতে অযথা তৰ্ক নকৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















