অসম লাইভ ২৪ঃ ১৪ জুনৰ পুৱা নহয়, ১৩ জুনৰ নিশাই মৃত্যু হৈছিল সুশান্ত সিং ৰাজপুতৰ। আত্মহত্যা নহয়, নির্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰি ফাঁচী দিয়া হৈছিল অভিনেতাজনক। এই চাঞ্চল্যকৰ দাবী কৰিছে চিকিৎসক মিনাক্ষী মিশ্ৰই। নিজৰ টুইটাৰ একাউণ্টত মৃত্যুৰ পাছৰ সুশান্তৰ শৰীৰৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে চিকিৎসকগৰাকীয়ে। ভিডিঅ’টোত আপলোড কৰি চিকিৎসকগৰাকীয়ে দাবী কৰিছে যে এয়া আত্মহত্যা নহয়, এয়া হত্যাকাণ্ড। তেওঁ কৈছে ডিঙিত ফাঁচী লৈ কোনোৱে আত্মহত্যা কৰিলে মৃত ব্যক্তিজনৰ চকু আৰু জিভা বাহিৰলৈ ওলাই আহে। কিন্তু সুশান্তৰ তেনে হোৱা নাছিল। ফাঁচী ল’লে ডিঙিত যিধৰণৰ দাগ পৰে, অভিনেতাগৰাকীৰ ডিঙিত তেনে দাগো দেখা পোৱা নাছিল। সুশান্তৰ এটা চকু আধা খোলা অৱস্থাত আছিল। ডিঙিত ফাঁচী ল’লে শৰীৰত যেনেধৰণৰ লক্ষণ দেখা যায় তাৰ এটা লক্ষণো সুশান্তৰ শৰীৰত দেখা পোৱা নাছিল। মিনাক্ষী মিশ্ৰই লগতে কৈছে যে সুশান্তৰ শৰীৰ হালধীয়া বৰণৰ হৈ পৰিছিল। অর্থাৎ অভিনেতাগৰাকীৰ মৃত্যু অন্তঃত ১৫-১৮ ঘণ্টাৰ পূর্বে হৈছিল। তাৰ অর্থ ১৪ জুনৰ পুৱা নহয়, বৰঞ্চ ১৩ জুনৰ নিশাই মৃত্যু হৈছিল সুশান্তৰ। কেৱল সেয়াই নহয়, ডিঙিত ফাঁচী দিয়াৰ আগতে নির্মমভাৱে প্ৰহাৰ কৰা হৈছিল সুশান্তক। মিনাক্ষী মিশ্ৰই শ্বেয়াৰ কৰা ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টোৱে পুনৰ এবাৰ সন্দেহৰ আঙুলি টোঁৱাইছে মুম্বাই আৰক্ষীলৈ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















