অসম লাইভ ২৪ঃ সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত প্ৰতিদিনেই আহি পৰিছে ন-ন তথ্য। এইবাৰ বিস্ফোৰক তথ্য প্ৰকাশ কৰিলে এম্বুলেন্স চালকে। সুশান্তৰ মৃতদেহ বান্দ্ৰা ফ্লেটৰ পৰা সেইজন চালকেই লৈ গৈছিল হাস্পতাললৈ। চালকজনে দাবী কৰিছে এম্বুলেন্সেৰে নিয়াৰ সময়তো জীৱিত আছিল সুশান্ত। অভিনেতাৰ দেহটো যেতিয়া এম্বুলেন্সত তুলি দিয়া হৈছিল, তেতিয়াও জীৱিত আছিল সুশান্ত-এই দাবী এম্বুলেন্স চালকগৰাকীৰ। অক্ষয় বন্দগড় নামৰ চালকগৰাকীয়ে অভিযোগ কৰিছে যে সুশান্তৰ মৃত্যুৰ পাছতেই তেওঁক কোনো আন্তৰ্জাতিক ফোন নম্বৰৰ পৰা ভাবুকি আৰু গালি-গালাজ পাৰিছিল। চালকজনে কৈছে- ‘মই আৰু মোৰ ভাতৃয়ে হাস্পতালৰ এম্বুলেন্স চলাওঁ। কিন্তু সুশান্তৰ শৰীৰ হাস্পতাললৈ নিয়াৰ পাছৰ পৰাই এমাহলৈকে ভাবুকি পাই আহিছো। অভিনেতাগৰাকীৰ অনুৰাগীয়েও ভাবুক দিছে যে সুশান্তক মইয়েই হত্যা কৰিছো।’ বিষয়টো সন্দৰ্ভত আৰক্ষীদ্বাৰস্থ হোৱাৰ কথা চিন্তা কৰিছে বুলি প্ৰকাশ কৰিছে এম্বুলেন্স চালকজনে। চালক অক্ষয়ৰ আন এক চাঞ্চল্যকৰ অভিযোগ যে আৰক্ষীয়েও দেখিছিল সুশান্তৰ আঙুলি লৰচৰ কৰি থকা। তৎসত্ত্বেও সুশান্তৰ শৰীৰ চাদৰেৰে ঢাকি দিছিল। যাতে শ্বাস ল’বলৈ কষ্ট হয় সুশান্তৰ। এম্বুলেন্স চালক অক্ষয় ভন্দগড়ৰ প্ৰশ্ন যে মানুহে আত্মহত্যা কৰিলে ভৰি কেতিয়াও মোটোক খাই নাথাকে। কিন্তু সুশান্তৰ ভৰি মোটোক খাই আছিল আৰু ভৰিৰ বিভিন্ন ঠাইত থেতেলা খোৱাৰ দাগ স্পষ্ট আছিল। অক্ষয়ৰ এই মন্তব্যৰ পাছতে সুশান্তৰ মৃত্যৰ তদন্ত নিঃসন্দেহে অধিক ৰহস্যৰ মাজলৈ গৈছে। এম্বুলেন্স চলাওঁতে আত্মহত্যা কৰা বহু মানুহৰ মৃতদেহ চালকগৰাকীয়ে দেখিছে। সেই অভিজ্ঞতাৰ পৰা ভিত্তি কৰি তেওঁ কয় যে সুশান্তৰ মৃত্যু আত্মহত্যা নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ