অসম লাইভ২৪ঃ জিম্বাব’ৱেৰ বিৰুদ্ধে দেওবাৰে অনুষ্ঠিত খেলত ৰোহিত শৰ্মাক লগ কৰিবলৈ গৈ জৰিমনা ভৰিব লগা হৈছে অনুৰাগীয়ে। হঠাতেই প্ৰবেশ কৰাৰ বাবে কিশোৰজনক ৬ লাখ টকাৰ জৰিমনা ভৰোৱা হয়। কিশোৰজনৰ নাম কি? ঘৰ ক’ত বৰ্তমানো জানিব পৰা হোৱা নাই।
ঘটনাটো দেওবাৰৰ। সেইসময়ত জিম্বাব’ৱেৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে ফিল্ডিং কৰি আছিল। হঠাতেই খেলপথাৰত প্ৰৱেশ কৰে কিশোৰটো। ক’লা ছাৰ্ট, ক’লা পেণ্ট পৰিহিত কিশোৰজনে আগবাঢ়ি আহে ৰোহিতক লগ কৰিবৰ বাবে। অধিনায়ক ৰোহিতৰ কাষ পায়েই কান্দোনত ভাঙি পৰে কিশোৰজন। লগে লগেই নিৰাপত্তাৰক্ষীয়ে কিশোৰজনক বাহিৰলৈ লৈ যায়।
উল্লেখ্য যে মেলবৰ্ণ ষ্টেডিয়াম কৰ্তৃপক্ষই জনোৱা অনুসৰি কিশোৰজনক ৬ লাখ টকাৰ জৰিমনা বিহা হৈছে। ষ্টেডিয়ামৰ শৃংখলা ভঙাৰ বাবেই জৰিমনা বিহা হৈছে কিশোৰজনক। ভৱিষ্যতে যাতে আৰু এনেকুৱা ঘটনা নকৰে তাৰ বাবে আৰু কাঢ়া শাস্তিৰো চিন্তা চৰ্চা কৰা বুলি জনাইছে ষ্টেডিয়াম কৰ্তৃপক্ষই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















