চলিত বছৰত টাটা কনছালটেন্সি ছাৰ্ভিছেছৰ সৈতে চুক্তি কৰিছে বিএছএনএলে৷ সংবাদ মাধ্যমৰ সূত্ৰৰ খবৰ অনুসৰি ১৫০০ কোটি টকাৰ চুক্তি কৰা হৈছে৷ এই টকা নতুন টাৱাৰ বহোওৱা, পৰিকাঠামো গঢ়ি তোলা আৰু ছাৰ্বিকভাৱে 4G পৰিসেৱা উন্নত কৰাৰ কামত ব্যয় কৰিব৷ এই চু্ক্তিৰ খবৰ পোহৰলৈ অহাৰ লগে লগেই উৎসাহী হৈ উঠিছে BSNLৰ গ্ৰাহক৷ সম্প্ৰতি মোবাইল ৰিচাৰ্জৰ দাম বঢ়াইছে জিঅ’, এয়াৰটেল আৰু ভোডাফোনে৷ সেই ধাক্কাতেই বহুতে আকৌ BSNLক আদৰি ল’বলৈ মন মেলিছে৷ মোবাইল নম্বৰ পোৰ্ট কৰোৱা কাম আৰম্ভ হৈছে দেশৰ সৰ্বত্ৰতে৷ সংবাদ মাধ্যমৰ সূত্ৰৰ দাবী যে কাশ্মীৰত প্ৰতিদিনে শ শ গ্ৰাহকে জিঅ’, এয়াৰটেল এৰি BSNL চিম ল’বলৈ আৰম্ভ কৰিছে৷
জিঅ’ এয়াৰটেলৰ পৰা BSNL লৈ ঢাপলি মেলিছে গ্ৰাহক
জম্মু কাশ্মীৰত 4G পৰিসেৱা আৰম্ভ হৈছে বুলি সংবাদ সূত্ৰত প্ৰকাশ পাইছে৷ কাশ্মীৰ উপত্যকাত ৫০০ টাৱাৰ ইতিমধ্যে বহুওৱা হৈছে৷ কাশ্মীৰৰ প্ৰত্যেকটো অঞ্চলত তেওঁলোকৰ পৰিসেৱা আছে বুলি দাবী কৰিছে বিএছএনএলে৷ বেচৰকাৰী টেলিকম অপাৰেটসমূহৰ দাম বঢ়োৱাকলৈ চৰকাৰী টেলিকম পৰিসেৱা লোৱাৰ বাবে লাইন পাতিছে দোকানত৷
উত্তৰ ভাৰতৰ ওপৰিও পশ্চিমবংগত বাঢ়িছে বিএছএনএল গ্ৰাহকৰ সংখ্যা৷ বহু মানুহে জিঅ’ এয়াৰটেলৰ পৰা বিএছএনএল পোৰ্ট কৰা আৰম্ভ কৰিছে৷ গ্ৰাহকৰ সুবিধাৰ্থে সমস্ত ৰিচাৰ্ছ প্লেনৰ দাম অপৰিবৰ্তিত ৰখাৰ সিদ্ধান্ত লৈছে এই সংস্থাই৷ কেৱল সেয়াই নহয় একাধিক সুবিধাসহ নতুন প্লেন আৰম্ভও কৰিছে বিএছএনএলে৷
বৰ্তমান সকলোতকৈ সস্তাত ৪জি পৰিসেৱা যোগান ধৰিছে বিএছএনএলে৷ জিঅ’, এয়াৰটেলৰ তুলনাত দাম প্ৰায় আধা৷ একাধিক ভেলিডিটিৰ প্লেন আনিছে বিএছএনএলে৷ ২৪ দিনৰ পৰা ৩৯৫ দিন পৰ্যন্ত ৰিচাৰ্ছ প্লেন আছে বিএছএনএলৰ৷ আনলিমিটেড কল, দৈনিক ডাটাৰ দৰে সুবিধা আছে বিএছএনএলৰ প্লেনত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















