অপ্ৰতিৰোধ্য ভাৰত, ছেমি ফাইনেলত স্থান নিশ্চিত, ৫০ ৰানৰ ব্যৱধানত পৰাস্ত বাংলাদেশ
ছেমি ফাইনেলত স্থান নিশ্চিত মেন ইন ব্লু ভাৰতীয় দলৰ। কালি শনিবাৰৰ নিশা অনুষ্ঠিত হোৱা খেলত ভাৰতীয় দলে অতি সহজেই বাংলাদেশক পৰাস্ত কৰি ছেমি ফাইনেলৰ পথ মসৃণ কৰি তোলে। ৫০ ৰানৰ ব্যৱধানত পৰাস্ত হয় বাংলাদেশ।
এতিয়া ছুপাৰ ৮ পৰ্যায়ত ভাৰতে লাভ কৰিলে মুঠ ৪ পইণ্ট। প্ৰথম খেলখনত আফগানিস্তানৰ বিৰুদ্ধে জয় হোৱাৰ লগতে ছুপাৰ ৮ৰ দ্বিতীয়খন খেলত বাংলাদেশৰ বিৰুদ্ধে জয়ী হয়। এতিয়া পৰৱৰ্তী খেলখন ২৪ জুন তাৰিখে ভাৰত বনাম অষ্ট্ৰেলিয়া। ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত পৰাজয়ৰ পিছত প্ৰথমবাৰৰ বাবে ICC প্ৰতিযোগিতাত অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব ভাৰতীয় দল।
কালিৰ খেলখনত ভাৰতীয় দলটোৱে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈ ২০ অভাৰত ৫ টা উইকেট হেৰুৱাই ১৯৬ ৰান সংগ্ৰহ কৰে। এই ৰানৰ মূলতে হাৰ্ডিক পাণ্ডিয়াৰ অনবদ্য অৰ্ধশতক। তেওঁ দললৈ ৫০ ৰানৰ সুন্দৰ ইনিংছ উপহাৰ দিয়ে।
বাংলাদেশে ১৯৭ ৰানৰ লক্ষ্যৰে খেলপথাৰত নামে যদিও ২০ অভাৰত ১৪৬ ৰান কৰিয়ে স্তব্ধ হৈ পৰে। বাংলাদেশে প্ৰথমে বিস্ফোৰক আৰম্ভণি কৰে যদিও ভাৰতীয় বলিং বিক্ৰমৰ সন্মুখত স্তব্ধ হৈ পৰে। ভাৰতৰ কুলদ্বীপ যাদবে ৩টা উইকেট, যশপ্ৰীত বুমৰাহ আৰু অৰ্শ্বদ্বীপ সিঙে ২টাকৈ উইকেট আৰু হাৰ্দিক পাণ্ডিয়াই এটা উইকেট দখল কৰে।
ভাৰতৰ হৈ হাৰ্দিক পাণ্ডিয়াই ২৭টা বলত ৫০ ৰান, বিৰাটে ২৮ টা বলত ৩৭ ৰান আৰু ঋষভ পণ্টে ২৪ টা বলত ৩৬ ৰান আৰু শিৱম ডুবেই ২৩ টা বলত ৩৪ ৰানৰ ইংনিছ খেলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ