ৰাজপথত লাখৰ ঘৰত মানুহ, বিশ্বজয়ী ভাৰতীয় ক্ৰিকেট দলক স্বাগতম
বিশ্বকাপ জয় কৰি উভতি অহা ভাৰতীয় দলটোৱে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে। ভাৰতীয় ক্ৰিকেটাৰে পি এম মোডীক সাক্ষাৎ কৰি মুম্বাইত উপস্থিত হৈছে ভাৰতীয় দল। কিছু সময়ৰ পিছত টীম ইণ্ডিয়াৰ বিজয় পেৰেড উলিওয়া হ’ব।
সেই উদ্দেশ্যে মুম্বাইৰ ৰাজপথলৈ ওলাই আহিছে লাখৰ ঘৰত লোক। ৰাজপথত পৰুৱা সদৃশ দেখা গৈছে ক্ৰিকেট অনুৰাগী সকলক। বিশ্বজয়ী ভাৰতীয় দলক স্বাগতম জনাবলৈ এইদৰে ৰাজপথলৈ ওলাই আহিছে মানুহ।
https://x.com/i/status/1808847936316715523
টিম ইণ্ডিয়াৰ বিজয় পেৰেডত মুম্বাইৰ মেৰিনা বিচ্চত সমবেত হৈছে লাখ লাখ লোক। টিম ইণ্ডিয়াৰ প্ৰতি এনে উৎসাহ প্ৰথমবাৰৰ বাবে দেখা গৈছে। ভিৰ নিয়ন্ত্ৰণৰ বাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে।
কিছুসময়ৰ পিছতে আৰম্ভ হ’ব টিম ইণ্ডিয়াৰ বিজয় পেৰেড। নিৰাপদে মুম্বাইত উপস্থিত হৈছে টিম ইণ্ডিয়া। কিছু সময়ৰ পিছত এই কাৰ্যসূচী আৰম্ভ হ’ব। মুম্বাইৰ বতৰ বেয়া যাৰ বাবে পলম হৈছে পেৰেড।
কেৱল ৰাজপথতে নহয়, বিমানবন্দৰৰ বাহিৰতো সমবেত হৈছে হাজাৰ হাজাৰ অনুৰাগী। বিমানৰ পৰা নমাৰ পাছতে হাৰ্দিক পাণ্ডিয়াক হাতত বিশ্বকাপৰ ট্ৰফী লৈ জোকাৰি থকা দেখা গৈছিল। ইয়াৰ পৰা খেলুৱৈসকলক বাছেৰে নৰিমান পইণ্টলৈ লৈ যোৱা হ’ব, য’ৰ পৰা আৰম্ভ হ’ব টিম ইণ্ডিয়াৰ বিজয় পেৰেড।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ