• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আকৌ দেশত মন্দিৰ-মছজিদৰ সংঘাত! জ্ঞানবাপী মছজিদ-মন্দিৰৰ বিতৰ্কৰ ভিত্তি কি?

আকৌ দেশত মন্দিৰ-মছজিদৰ সংঘাত! জ্ঞানবাপী মছজিদ-মন্দিৰৰ বিতৰ্কৰ ভিত্তি কি?

4 years ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

4 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

4 hours ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

4 hours ago
PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

6 hours ago
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

6 hours ago
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

7 hours ago
কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

7 hours ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

8 hours ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

9 hours ago
ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

9 hours ago
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

10 hours ago
৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

৩ এপ্ৰিলৰ পৰা ৩ৰাশিৰ গল্ডেন টাইম আৰম্ভ হ’ব, নৱপঞ্চম ৰাজযোগত কাৰ কাৰ ধনলাভৰ যোগ আছে?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

আকৌ দেশত মন্দিৰ-মছজিদৰ সংঘাত! জ্ঞানবাপী মছজিদ-মন্দিৰৰ বিতৰ্কৰ ভিত্তি কি?

editor by editor
May 16, 2022
in ভাৰত, ৰাজনীতি
0
আকৌ দেশত মন্দিৰ-মছজিদৰ সংঘাত! জ্ঞানবাপী মছজিদ-মন্দিৰৰ বিতৰ্কৰ ভিত্তি কি?
0
SHARES
231
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশত পুনৰ আকৌ মছজিদ-মন্দিৰৰ বিতৰ্কই ছানি ধৰিছে৷ উচ্চতম ন্যায়ালয়ে ৰামমন্দিৰ আৰু বাবৰি মছজিদৰ বিতৰ্কক ইতি পেলোৱাৰ পিছত এইবাৰ পুনৰ আৰম্ভ হৈছে জ্ঞানবাপী মন্দিৰ-মছজিদৰ বিতৰ্কই৷ পুনৰ অন্য এক মন্দিৰ ধ্বংস কৰি তাৰ ওপৰত মছজিদ নিৰ্মাণৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ হিন্দুৱে৷ এই বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈছে বাৰানসীৰ জ্ঞানবাপী মছজিদ। এটা মন্দিৰ ভাঙি ঔৰংজেবে তাত মছজিদ নিৰ্মাণ কৰা বুলি দাবী কৰা হৈছে।

ইতিমধ্যে বিতৰ্কটো অৱসানৰ বাবে উচ্চতম ন্যায়ালয়ে জৰীপৰ নিৰ্দেশ দিয়ে যদিও হিন্দু আৰু মুছলমান পক্ষৰ মাজত এই বিবাদে সংঘাতৰ পিনে ঢাল লোৱাহে পৰিলক্ষিত হৈছে৷ সোমবাৰে ন্যায়ালয়ে গঠন কৰি দিয়া পত্নতাত্বিকৰ গোটে জ্ঞানবাপী চৌহদত জৰীপৰ কাম সম্পূৰ্ণ  কৰিছে।

মংগলবাৰে ​​আদালতত  ইয়াৰ প্ৰতিবেদন দাখিল কৰা হ’ব। দুয়োটা পক্ষই এতিয়া জৰীপকলৈও বিতৰ্কৰ সূত্ৰপাত ঘটাইছে৷  হিন্দু পক্ষৰ সোহনলাল আৰ্য্যই সংবাদ মাধ্যমক জনোৱা মতে, বাবাক মছজিদৰ ভিতৰত উদ্ধাৰ কৰা হৈছে। আৰ্য্যই দাবী কৰিছে যে গম্বুজ, দেৱাল আৰু মজিয়াৰ জৰীপৰ সময়ত পুতি থোৱাৰ পৰা বহু প্ৰমাণ দেখা গৈছে। একে সময়তে অঞ্জুমান ইনাজন্তীয়া মাছাজিদ কমিটিৰ অধিবক্তা অভয়নাথ যাদৱ আৰু মুমতাজ আহমেদে কয় যে জৰীপৰ সময়ত মছজিদৰ ভিতৰত একো পোৱা নগ’ল।

লগতে পঢ়ক ‘গুৰুতৰ কৰ্কট ৰোগত আক্ৰান্ত ৰাষ্ট্ৰপতি পুটিন, উন্মাদৰ দৰেই আচৰণ কৰিছে পুটিনে’

প্ৰকৃত বিবাদটো কি? 

জ্ঞানবাপী বিবাদ সন্দৰ্ভত হিন্দু পক্ষই দাবী কৰিছে যে ইয়াৰ তলত ১০০ ফুট ওখ আদি বিশ্বেশ্বৰৰ স্বয়ম্ভু জ্যোতিৰ্লিংগ আছে। প্ৰায় ২০৫০ বছৰ পূৰ্বে মহাৰাজ বিক্ৰমাদিত্যই কাশী বিশ্বনাথ মন্দিৰ নিৰ্মাণ কৰিছিল যদিও ১৬৬৪ চনত মোগল সম্ৰাট ঔৰংজেবে মন্দিৰটো ভাঙি পেলাইছিল। হিন্দু পক্ষৰ দাবী যে উক্ত পুৰণি মন্দিৰটো ভাঙি পেলোৱাৰ পিছত বৰ্তমান জ্ঞানবাপী মছজিদ নামেৰে জনাজাত মাটিত মছজিদটো নিৰ্মাণ কৰা হৈছিল।

মন্দিৰৰ ভূগৰ্ভস্থ অংশটো মন্দিৰৰ অৱশিষ্ট নে নহয় সেই কথা জানিবলৈ জ্ঞানবাপী কমপ্লেক্সৰ প্ৰত্নতাত্ত্বিক জৰীপ কৰাৰ দাবী জনাই হিন্দু পক্ষৰ আবেদনকাৰীয়ে। লগতে বিতৰ্কিত গাঁথনিটোৰ মজিয়া ভাঙি ১০০ ফুট ওখ জ্যোতিৰ্লিংগ স্বয়ম্ভু বিশ্বেশ্বৰনাথও তাত উপস্থিত আছে নে নাই তাৰো প্ৰমাণ বিচৰা হৈছে। তেওঁলোকৰ মতে মছজিদৰ দেৱালবোৰো পৰীক্ষা কৰি মন্দিৰৰ নে নহয় সেই পৰীক্ষাও কৰিব লাগে।

এই দাবীসমূহ শুনানি গ্ৰহণ কৰি আদালতে আদালতৰ এজন আয়ুক্ত নিয়োগ কৰি ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ (ASI) নামৰ এটা দল গঠন কৰে। এই দলটোক জ্ঞানবাপী কেম্পাছৰ জৰীপ কৰিবলৈ কোৱা হৈছিল। সোমবাৰে এই জৰীপৰ কাম সম্পূৰ্ণ কৰা হয়।

লগতে পঢ়ক ড্ৰামা কুইন ৰাখীৰ নতুন প্ৰেমিক! প্ৰেমিকৰ সৈতে ভিডিঅ’ শ্বেয়াৰ কৰি কি ক’লে ৰাখীয়ে?

বিতৰ্কৰ অগ্ৰগতি

১৯৯১ চনত কাশী বিশ্বনাথ জ্ঞানবাপী গোচৰত বাৰাণসী আদালতত প্ৰথমটো গোচৰ ৰুজু হৈছিল। এই আবেদনত জ্ঞানবাপী চৌহদত পূজা কৰাৰ অনুমতি বিচৰা হৈছিল। স্বনামধন্য দেৱতা বিশ্বেশ্বৰৰ প্ৰাচীন মূৰ্তিৰ হৈ বাদী হিচাপে সোমনাথ ব্যাস, ৰামৰাং শৰ্মা আৰু হৰিহৰ পাণ্ডে জড়িত হৈ আছে।

গোচৰ দাখিল হোৱাৰ কেইমাহমান পিছত ১৯৯১ চনৰ ছেপ্টেম্বৰ মাহত কেন্দ্ৰীয় চৰকাৰে উপাসনা স্থান আইন প্ৰণয়ন কৰে। এই আইনত কোৱা হৈছে যে ১৯৪৭ চনৰ ১৫ আগষ্টৰ আগতে যি কোনো ধৰ্মৰ পূজাস্থলী অস্তিত্বত আহিছিল, সেই স্থানক আন কোনো ধৰ্মৰ পূজাস্থলীলৈ ৰূপান্তৰিত কৰিব নোৱাৰি। এনে কৰিবলৈ চেষ্টা কৰা ব্যক্তিকক এবছৰৰ পৰা তিনিবছৰলৈ কাৰাদণ্ডৰ লগতে জৰিমনা বিহা হ’ব পাৰে।

অযোধ্যা বিষয়টোও সেই সময়তে আদালতত বিচাৰ চলি আছিল৷ সেয়ে ইয়াক এই আইনৰ বাহিৰত ৰখা হৈছিল। কিন্তু জ্ঞানবাপী গোচৰত এই আইনৰ উদ্ধৃতি দি মছজিদ কমিটিয়ে উচ্চ ন্যায়ালয়ত আবেদনখনক প্ৰত্যাহ্বান জনায়। ১৯৯৩ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰি যথাৰ্থ অৱস্থা বজাই ৰাখিবলৈ নিৰ্দেশ দিয়ে।

লগতে পঢ়ক লকডাউনৰ মাজতো উত্তৰ কোৰিয়াত ক’ৰনাৰ গণ সংক্ৰমণ

২০১৮ চনত উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ে যে যিকোনো গোচৰতে এই স্থগিতাদেশৰ আদেশ মাত্ৰ ৬ মাহৰ বাবেহে বৈধ হ’ব। ইয়াৰ পিছত এই নিৰ্দেশ আৰু কাৰ্যকৰী নহ’ব।

এই নিৰ্দেশৰ পিছত ২০১৯ চনত পুনৰ বাৰাণসী আদালতত এই গোচৰৰ শুনানি আৰম্ভ হয়। ২০২১ চনত বাৰাণসীৰ অসামৰিক ন্যায়াধীশৰ জ্যেষ্ঠ সংমণ্ডলে ফাষ্ট ট্ৰেক আদালতৰ পৰা জ্ঞানবাপী মছজিদৰ প্ৰত্নতাত্ত্বিক জৰীপৰ অনুমোদন জনায়।

এই নিৰ্দেশত এজনীয়া আয়োগ নিযুক্তি দিয়া হয় আৰু এই আয়োগক ৬ আৰু ৭ মে’ত দুয়োপক্ষৰ উপস্থিতিত শ্ৰিংগাৰ গৌৰীৰ ভিডিঅ’গ্ৰাফী কৰিবলৈ নিৰ্দেশ দিয়া হয়। ১০ মে’ৰ ভিতৰত আদালতে এই সন্দৰ্ভত সম্পূৰ্ণ তথ্য বিচাৰে। ৬ মে’ত প্ৰথম দিনটোৰ জৰীপৰ কাম বাধাহীনভাৱে আৰম্ভ হয় যদিও ৭ মে’ত মুছলমান পক্ষই ইয়াৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰে। বিষয়টো পুনৰ গৈ আদালতৰ মজিয়া পায়গৈ৷

লগতে পঢ়ক ভয়াতুৰ আমেৰিকাই এইবাৰ পিছ লৈছে ভাৰতৰ

১২ মে’ত মুছলমান পক্ষৰ আবেদনৰ শুনানি গ্ৰহণ কৰা হয়। আয়ুক্ত সলনি কৰাৰ দাবী নাকচ কৰি ১৭ মে’ৰ ভিতৰত জৰীপৰ কাম সম্পূৰ্ণ কৰি প্ৰতিবেদন দাখিল কৰিবলৈ পুনৰ নিৰ্দেশ দিয়ে ন্যায়ালয়ে। আদালতে কয় যে য’ত তলা লগোপা আছে সেই তলাটো ভাঙি দিয়ক। যদি কোনোবাই বাধা সৃষ্টি কৰিবলৈ চেষ্টা কৰে তেন্তে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা লওক, কিন্তু যিকোনো ক্ষেত্ৰতে জৰীপৰ কাম সম্পূৰ্ণ কৰিব লাগিব।

১৪ মে’ত উচ্চতম ন্যায়ালয়ে মুছলমান পক্ষৰ আবেদন তৎকালীনভাৱে শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। এই আবেদনত জ্ঞানবাপী মছজিদত জৰীপ বন্ধ কৰাৰ দাবী উত্থাপন হয়। কাগজ-পত্ৰ নোচোৱাকৈ নিৰ্দেশ দিব নোৱাৰি বুলি কৈ শীৰ্ষ ন্যায়ালয়ে ষ্টেটাছ বৰ্তাই ৰাখিবলৈ অস্বীকাৰ কৰে। এতিয়া বিষয়টো পুনৰ ১৭ মে’ত শুনানি গ্ৰহণ কৰা হ’ব।

১৪ মে’ৰ পৰা পুনৰ আৰম্ভ হ’ল জ্ঞানবাপীৰ জৰীপৰ কাম। বন্ধ থকা সকলো কোঠাৰ পৰা কুঁৱাটোলৈকে অনুসন্ধান কৰা হ’ল৷ গোটেই প্ৰক্ৰিয়াটোৰ ভিডিঅ’ আৰু ফটোগ্ৰাফী কৰা হয়৷

লগতে পঢ়ক আধাৰৰ কাৰ্ডেৰে ভোটাৰ আইডিৰ সংযোগ; বাধ্যতামূলক হ’ব নে নহয়?

১৬ মে’ত জৰীপৰ কাম সম্পূৰ্ণ কৰা হয়। হিন্দু পক্ষই দাবী কৰিছে যে কুঁৱাটোৰ পৰা বাবাক উদ্ধাৰ কৰা হৈছে। ইয়াৰ বাহিৰেও উক্ত স্থানটো হিন্দুসকলৰ হোৱাৰ বহু প্ৰমাণো পোৱা গৈছে। একে সময়তে মুছলমান পক্ষই কয় যে জৰীপত হিন্দু পক্ষই দাবী কৰাৰ দৰে একো তথ্য প্ৰমাণ পোৱা নগ’ল।

বৰ্তমান কি অৱস্থাত আছে?

বৰ্তমান প্ৰশাসনে জ্ঞানবাপী মছজিদত মাত্ৰ কেইজনমান লোককহে নামাজ পঢ়িবলৈ অনুমতি দিছে। আৰু নিৰ্দিষ্ট লোকসকলে নামাজ আগবঢ়াই নিছে। ইফালে একে সময়তে মছজিদৰ গাতে লাগি থকা কাশী বিশ্বনাথ মন্দিৰটোও সংস্কাৰ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ দ্বাৰ মুকলি কৰে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamGyanvapi case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?
জীৱনশৈলী

এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

March 17, 2026
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন
ভাৰত

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

March 17, 2026
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?
জীৱনশৈলী

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

March 17, 2026
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
Next Post
ব্ৰা ফিটিং টিপছ: ব্ৰা পিন্ধোতে নাৰীয়ে কি কি কথা মনত ৰখা উচিত!

ব্ৰা ফিটিং টিপছ: ব্ৰা পিন্ধোতে নাৰীয়ে কি কি কথা মনত ৰখা উচিত!

বিবাহ বিচ্ছেদৰ ঘাটি বলিউদ! আকৌ এজন অভিনেতাৰ বিবাহ বিচ্ছেদ

বিবাহ বিচ্ছেদৰ ঘাটি বলিউদ! আকৌ এজন অভিনেতাৰ বিবাহ বিচ্ছেদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.