আজি আধাৰ কাৰ্ড সন্দৰ্ভত ৰাজ্য চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, ১৮ বছৰৰ ওপৰৰ ব্যক্তিক নতুনকৈ আধাৰ কাৰ্ড প্ৰদান কৰা নহ’ব। অনুসূচিত জনজাতি (ST), অনুসূচিত জাতি (SC) আৰু চাহ বাগিচাৰ সম্প্ৰদায়ৰ লোকসকলে অৱশ্যে ২০২৭ চনৰ মাৰ্চলৈকে আধাৰ কাৰ্ড লাভ কৰি থাকিব।
অসমৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অবৈধ অনুপ্ৰৱেশকাৰীক দমন কৰিবলৈ আৰম্ভ কৰিছে। সন্দেহযুক্ত অনুপ্ৰৱেশকাৰীক আধাৰ কাৰ্ড প্ৰদান নকৰাৰ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে।
মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে কিছুমান ক্ষেত্ৰত জিলা উপায়ুক্তই আধাৰ কাৰ্ড প্ৰদানৰ অনুমতিৰ বাবে ৰাজ্য চৰকাৰক প্ৰস্তাৱ দাখিল কৰিব লাগিব। তদুপৰি ১৮ বছৰৰ তলৰ লোকক আধাৰ কাৰ্ড প্ৰদান কৰি থাকিব। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে পিছত চৰকাৰে নিৰ্ধাৰণ কৰিব যে কোনো আবেদনকাৰী আধাৰ কাৰ্ডৰ বাবে যোগ্য নে নহয়। তেওঁ উল্লেখ কৰে যে ৰাজ্যত আধাৰ কাৰ্ড প্ৰদান প্ৰক্ৰিয়া এনে এটা পৰ্যায়ত উপনীত হৈছে য’ত প্ৰায় সকলো যোগ্য ব্যক্তিকে কাৰ্ড প্ৰদান কৰা হৈছে।
তেওঁ বুজাই দিয়ে যে কিছুমান জিলাত এই সংখ্যা ১০০ শতাংশ অতিক্ৰম কৰিছে, আৰু যিসকলে এই অতিৰিক্ত আধাৰ কাৰ্ড লাভ কৰিছে তেওঁলোকক চিনাক্ত কৰাটো গুৰুত্বপূৰ্ণ। কোনো অবৈধ বাংলাদেশী নাগৰিকে যাতে আধাৰ কাৰ্ড লাভ কৰিব নোৱাৰে তাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। ৰাজ্যৰ পৰিচয় প্ৰমাণীকৰণ আৰু প্ৰশাসনিক ব্যৱস্থাৰ অংশ হিচাপেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি আজি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















