• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শূন্যৰ পৰা হাজাৰ কোটি, তাৰপাছতেই পতন! তৰুণ ভাৰতীয় ব্যৱসায়ীৰ পতনৰ আৰম্ভণি ক’ৰ পৰা কেনেকৈ হৈছিল?

শূন্যৰ পৰা হাজাৰ কোটি, তাৰপাছতেই পতন! তৰুণ ভাৰতীয় ব্যৱসায়ীৰ পতনৰ আৰম্ভণি ক’ৰ পৰা কেনেকৈ হৈছিল?

2 years ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

7 minutes ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

34 minutes ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

18 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

20 hours ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

21 hours ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

21 hours ago
এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

এইবছৰৰ অক্ষয় তৃতীয়া কেতিয়া পৰিছে? জানি থওক দিনক্ষণ আৰু শুভ তিথি

22 hours ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

22 hours ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

23 hours ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

23 hours ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

1 day ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শূন্যৰ পৰা হাজাৰ কোটি, তাৰপাছতেই পতন! তৰুণ ভাৰতীয় ব্যৱসায়ীৰ পতনৰ আৰম্ভণি ক’ৰ পৰা কেনেকৈ হৈছিল?

editor by editor
December 7, 2023
in জীৱনশৈলী, বাণিজ্য, ভাৰত, লেখা, শিক্ষা
0
শূন্যৰ পৰা হাজাৰ কোটি, তাৰপাছতেই পতন! তৰুণ ভাৰতীয় ব্যৱসায়ীৰ পতনৰ আৰম্ভণি ক’ৰ পৰা কেনেকৈ হৈছিল?
0
SHARES
14k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বলীউডৰ সকলোতকৈ দামী তাৰকাক নিজৰ ব্ৰেণ্ড এম্বেচাডৰ কৰিছিল। শ্বাহৰুখ খানে তেওঁলোকৰ প্ৰচাৰ চলাইছিল। বিজ্ঞাপনত মুখো দেখুৱাইছিল শ্বাহৰুখে। কিন্তু ছবছৰৰ পাছত সেই সংস্থাৰ সৈতে সকলো সম্পৰ্কৰ বিচ্ছেদ ঘটিছে কিং খানৰ। সেই সংস্থাৰ বাবে কিং খানৰ আৰ্থিক ক্ষতি হৈছে। ভাৱমূৰ্তীতো আঁচোৰ পৰিছে। এই সংস্থা আন কোনো নহয় এই সংস্থাৰ নাম হৈছে বাইজুছ। বাইজুছৰ প্ৰতিষ্ঠাতা এজন ভাৰতীয় যুৱক। নাম বাইজু ৰবীন্দ্ৰন। বয়সো তেনেই কম। এই সংস্থা আৰম্ভ কৰাৰ সময়ত তেওঁৰ বয়স মাত্ৰ ৪৩ বছৰ। ৪৩ বছৰ বয়সতেই তেওঁ ১০ হাজাৰ কোটি ডলাৰৰ মালিক হৈছে। এই সংস্থা এতিয়া দেউলীয়া হৈছে। কৰ্মচাৰীসকলক দৰমহা দিব নোৱাৰি নিজৰ ঘৰো বন্ধকত দিবলৈ বাধ্য হৈছে বাইজু ৰবীন্দ্ৰনে। কোটি কোটি টকাৰ ঋণো লৈছে বাইজুৱে। বিপদৰ ওপৰত বিপদ আহিছে বাইজুৰ জীৱনলৈ। শেহতীয়াভাৱে বাইজুৰৱ ঘৰত ইডিৰ তালাচিও চলিছে। তেওঁৰ বিৰুদ্ধে বিদেশি মুদ্ৰা পৰিচালনা আইন (ফেমা) ভঙাৰ অভিযোগ আহিছে।

শূন্যৰ পৰা জীৱন কেনেকৈ আৰম্ভ হয় বাইজু ৰবীন্দ্ৰনৰ গল্পটোও ঠিকে একেধৰণৰেই। সাধুকথাৰ পক্ষীৰাজ ঘোঁৰাৰ দৰেই তেঁওৰ উত্থান। কিন্তু পতন তাতকৈয়ো দ্ৰুত। বাইজুৰ পতনৰ কাহিনী জনাৰ পূৰ্বে তেঁওৰ উত্থানৰ কাহিনী জনাটো খুবেই গুৰুত্বপূৰ্ণ। কেৰালাৰ যুৱক বাইজু। পিতৃ-মাতৃ দুয়োগৰাকীয়েই শিক্ষক। এজন বিদ্যালয়ৰ অংক শিক্ষক। অন্য এজন পদাৰ্থবিজ্ঞানৰ শিক্ষক। বাইজু নিজেও বিজ্ঞানৰ ছাত্ৰ। ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ বাইজুৱে হঠাৎ নিজৰ লক্ষ্য সলনি কৰি শিক্ষকতাৰ পেছা গ্ৰহণ কৰে। শিক্ষকতাৰ যাত্ৰাত তেওঁ সফলো হয়। এঢাপ এঢাপকৈ সোনকালেই বাইজু এই বৃত্তিৰে হৈ পৰে হাজাৰ কোটিৰ মালিক।

বাইজুৰ শিক্ষক বৃত্তিও সাংঘাতিকধৰণে আৰম্ভ হৈছিল। তেওঁ যেতিয়া ইঞ্জিনিয়ৰিঙত পঢ়াশুনা কৰি আছিল তেতিয়াই তেওঁ এগৰাকী বন্ধুক অংক বিষয়টো পঢ়োৱাইছিল। বাইজুৱে পঢ়োৱাই থকা বন্ধু ছাত্ৰজনে কেট পৰীক্ষাত ভাল ফলাফল লাভ কৰে। উৎসাহিত হৈ উঠে বাইজু। বাইজুৱে নিজেও কেট পৰীক্ষাত বহে। প্ৰথম চেষ্টাতেই বাইজুৱে শীৰ্ষ স্থানাধিকাৰীসকলৰ ভিতৰত এজন হয়। তাৰপিছত ২০০৪ চনত আকৌ এবাৰ কেট পৰীক্ষাত বহে বাইজু। এইবাৰো তেওঁ শীৰ্ষস্থান দখল কৰে। ইফালে তেওঁৰ শিক্ষক হিচাপে কামকাজো চলি থাকিল। এদিন দুদিনকৈ তেওঁৰ জনপ্ৰিয়তা বৃদ্ধি পোৱাৰ বাবে টিউছন লোৱা ছাত্ৰৰ সংখ্যাও বাঢ়ি থাকিল। ২০০৭ চনত বাইজুৱে নিজৰ টিউছন ক্লাছটোক এটা নাম দিয়ে। তেওঁ নিজৰ টিউছন ক্লাছৰ নাম দিয়ে ‘বাইজুছ ক্লাছ’। ক্লাছত ছাত্ৰৰ সংখ্যা ইমানেই বৃদ্ধি পায় যে, ৱাংখেড়ে ষ্টেডিয়ামত বহোৱাই দিলে সেই স্থানো কম হৈ পৰে। ইমানখিনি ছাত্ৰ ছাত্ৰীক অকলে চম্ভালি ৰখা সহজ কথা নহয়।

২০০৮-২০০৯ চনৰ মাজত বাইজুৱে সেয়ে ভিডিঅ’ কছিং আৰম্ভ কৰে। ইয়াৰপাছতেই শেষৰ দুবছৰত তেওঁ পত্নীৰ সৈতে মিলি আৰম্ভ কৰে এটা ষ্টাৰ্ট আপ সংস্থাৰ। সংস্থাটোৰ নাম দিয়ে বাইজুছ। বাইজুৰ পত্নী দিব্যা গকুলনাথো এগৰাকী কেটৰ ছাত্ৰী। এসময়ত তেওঁৱো বাইজুৰেই ছাত্ৰী আছিল। তাতেই প্ৰেম, তাৰপিছত সাতোজনমলৈ দুয়োৱে একেলগে থকাৰ প্ৰতিশ্ৰুতি দিয়ে এজনে আনজনক। বিবাহৰ পাছতেই বাইজুৰ ব্যৱসায়ৰ অংশীদাৰ হয় দিব্যা। বাইজুৰ এই উত্থানে দৃষ্টি কাঢ়ে দেশৰ প্ৰায়সংখ্যক ধনী উদ্যোগীৰেই। বাইজুৰ সংস্থাক ধন বিনিয়োগ কৰিবলৈ সেয়ে প্ৰায়সংখ্যক উদ্যোগপতিয়েই উঠিপৰি লাগে। লাহে লাহে কেইবাজনো ধনী উদ্যোগীয়ে বাইজুছত ধন বিনিয়োগো কৰে। এইধৰণে দিয়া সাহায্যক কোৱা হয় ছিড ফাণ্ড। বাইজুছে বহু ছিড ফাণ্ডিং লাভ কৰিবলৈ সক্ষম হয়। ২০১৩ চনত বাইজুছত প্রথম ধন বিনিয়োগ কৰে এৰিন কেপিটেলে। তেওঁলোকৰ পৰা ৯০ লাখ ডলাৰ সাহায্য লাভ কৰে বাইজুছে। ইয়াৰ পাছতেই এটাৰ পাছত আনটো সংস্থাঅ বাইজুছ’ত ধন বিনিয়োগ কৰিবলৈ আগুৱাই আহে। মাৰ্ক জুকাৰবাৰ্গৰ সংস্থাইয়ো বাইজুছ’ত ধন বিনিয়োগৰ বাবে আগ্ৰহ প্ৰকাশ কৰি অফাৰ লেটাৰো প্ৰেৰণ কৰে।

বাইজুছেই এছিয়া মহাদেশৰ প্ৰথমটো সংস্থা যাক ফেছবুকৰ প্ৰতিষ্ঠাতা মাৰ্ক জুকাৰবাৰ্গে নিজেই বিনিয়োগ কৰিবলৈ আগুৱাই আহিছিল। বাইজুছক মোটা অংকৰ ধন প্ৰদান কৰিছিল মাৰ্ক জুকাৰবাৰ্গে। সকলোৰে সহায় সহযোগিতা আৰু নিজৰ কৰ্মেৰে ২০১৮ চনলৈকে ১০০ কোটি ডলাৰৰ ষ্টাৰ্ট আপ সংস্থাত পৰিণত হয় বাইজুছ। তেতিয়ালৈকে সকলোবোৰ আছিল কষ্টৰ ফচল। ২০১৮ চনৰ পাছতহে পক্ষীৰাজ ঘোঁৰা হৈ উৰিল বাইজুছৰ সংস্থা। ঠিক দুবছৰৰ ভিতৰত বাইজুছৰ সংস্থাৰ মুল্য ১০ গুণ বৃদ্ধি পায়। ১০০ কোটি ডলাৰৰ পৰা চিধাই ১০০০ কোটি ডলাৰৰ ষ্টাৰ্ট আপ সংস্থাত পৰিণত হয় বাইজুৰ সংস্থা বাইজুছ। তেতিয়া দেশত কৰ’নাৰ বাবে লকডাউন।

অনলাইনত পঢ়াশুনাৰ বাবে কৰ’নাই সকলোকে বাধ্য কৰোৱাই। বাইজুৰ জনপ্ৰিয়তা তেতিয়া আৰু কেইবাগুণো বৃদ্ধি পায়। ২০১৫ চনৰ পৰাই স্মাৰ্টফোনত পঢ়াশুনা কৰিবৰ বাবে যাৱতীয় প্ৰযুক্তি মজুত আছিল বাইজুৰ হাতত। ২০১৫ চনৰ পৰাই দেশৰ প্ৰায়সংখ্যৰ মোবাইল ব্যৱহাৰকাৰীৰ হাতলৈ আহিছিল বিগ স্ক্ৰিণৰ মোবাইল ফোন। বাইজুছে প্ৰযুক্তিৰ সুবিধা গ্ৰহণ কৰি তৈয়াৰ কৰিছিল নিজা এটা এপ। ২০১৮ চনৰ ভিতৰত ব্ৰিটেইন, আমেৰিকাসহ অধিকাংশ ইংৰাজীভাষী দেশতো জনপ্ৰিয় হৈ উঠে বাইজুছ এপ। কৰ’নাকালত যেতিয়া সমস্ত স্কুল, কলেজ, বিশ্ববিদ্যালয় বন্ধ আছিল তেতিয়া অনলাইনত পঢ়াশুনা কৰাবৰ বাবে সকলোৱে বাইজুছৰ এপকেই বাচি লৈছিল।

২০২১ চনত বাইজুৰ এই সংস্থাৰ মূল্য বাঢ়ি হয়গৈ ১৬৫০ কোটি ডলাৰ। ভাৰতৰ সৰ্বাধিক মূল্যৰ ষ্টাৰ্ট আপ সংস্থা হিচাপে প্ৰতিষ্ঠিত হয় বাইজুছ। টক্কৰ দিয়ে পেটিএমকো। সেই বছৰতেই বাইজুছৰ মূল্য বাঢ়ি শেষলৈ হয়গৈ ২২০০ কোটি ডলাৰ। ভাৰতীয় ক্ৰিকেট টীমৰ স্পনছৰৰ দায়িত্বও দিয়া হয় এই ষ্টাৰ্ট আপ সংস্থাক। কিন্তু ইয়াৰ পাছতেই যেন পতনৰ আৰম্ভণি বাইজুছৰ। ২০২২ৰ ছেপ্টেম্বৰত বাইজুছে কেইবাশ কোটিৰ লোকচানৰ সন্মুখীন হয়। সূত্ৰৰ খবৰ অনুসৰি বিগত বৰ্ষত বাইজুছৰ ৪৫৮৮ কোটি টকা লোকচান হৈছে। এই লোকচানৰ প্ৰভাৱ সংস্থাৰ কৰ্মীসকলৰ ওপৰতো পৰে। লোকচানৰ বাবেই বাইজুছৰ পৰা কেইবাশ কৰ্মীক ছাটাইয়ো কৰা হয়। পাছলৈ সংস্থা চলাবলৈকে বাইজুৱে ২৫ কোটি ডলাৰৰ এটা ঋণ লয়।

ঋণ লৈয়ো বাইজু উঠিব নোৱাৰিলে। নিজৰ ব্যৱসায় চলাই ৰাখিবলৈকে বাইজুৱে নিজৰো ঘৰো বন্ধকত ৰাখিবলৈ বাধ্য হৈ পৰিছে। ডুবন্ত তৰী এৰি সকলোৱেি পলাইছে। ইয়াৰ পাছতো বাইজু কিন্তু হাৰ মনা ভকত নহয়। তেওঁ বিপৰ্যয়ৰ সৈতে পাৰ্যমানে যুঁজিছে। চলিত বৰ্ষৰ জুলাই মাহত ষ্টেট বেংকৰ চেয়াৰমেন ৰজনীশকুমাৰ আৰু ইনফচিচৰ প্ৰাক্তন ছিএফঅ’ মোহনদাসক পাইকত উপদেষ্টা বনাই বাইজুছে। আনকি নতুনকৈ অডিটৰো নিয়োগ কৰে। সমস্ত লাভ আৰু ক্ষতিৰ হিচাপ জনোৱাৰ প্ৰতিশ্ৰুতি দিয়া হয় বিনিয়োগৰাকাৰীক।

কিন্তু ছমাহ পাৰ হৈ গ’লেও শেষ পৰ্যন্ত উঠিব পৰা নাই বাইজুছ। বৰ্তমান বাইজুৰ ১৫ হাজাৰ কৰ্মীক দৰমহা দিয়াৰো ক্ষমতা নাই। সেয়ে নিজৰ ঘৰ বন্ধকত দি এক কোটি ২০ লাখ ডলাৰ ঋণ ল’বলৈ বাধ্য হৈছে বাইজু। এই ঋণে বাইজুক আৰু ডুবাব নে তেওঁৰ ব্যৱসায়ৰ গ্ৰাফ ওপৰলৈ লৈ যাব সেয়াহে সময়ৰ হাতত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ
বিবিধ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

March 14, 2026
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে
জীৱনশৈলী

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

March 14, 2026
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা
জীৱনশৈলী

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

March 13, 2026
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?
জীৱনশৈলী

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

March 13, 2026
Next Post
কান্দোনত ভাঙি পৰিছে কিম জং উন! ভয়ানক বুলি বিবেচিত উত্তৰ কোৰিয়াৰ নায়কৰ কান্দোনৰ আঁৰৰ ৰহস্য কি?

কান্দোনত ভাঙি পৰিছে কিম জং উন! ভয়ানক বুলি বিবেচিত উত্তৰ কোৰিয়াৰ নায়কৰ কান্দোনৰ আঁৰৰ ৰহস্য কি?

৬০০০ অতিথিক আমন্ত্ৰণ! অমিতাভ-অক্ষয়-আম্বানী-আদানী-টাটা, কোন কোন আছে তালিকাত?

৬০০০ অতিথিক আমন্ত্ৰণ! অমিতাভ-অক্ষয়-আম্বানী-আদানী-টাটা, কোন কোন আছে তালিকাত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.