জীৱনযাপনত অনিয়ম, খাদ্যভাস সলনি, নিত্য মদ্যপান এইসমূহ যদি আধুনিক জীৱনযাপনত আপোনাৰ সংগী হয় তেন্তে আপোনাৰ ফেটি লিভাৰ. লিভাৰ চিৰোচিছৰ দৰে অসুখ হোৱাটো খাটাং৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে বিশ্ব জুৰি লিভাৰৰ ৰোগত আক্ৰান্তৰ সংখ্যা ক্ৰমে বাঢ়িবলৈ ধৰিছে৷
ছাপ্লিমেণ্ট
ৰোগৰ বাবেই হওক বা বয়সৰ চাপ কমাবলৈকে হওক বহুতেই চিকিৎসক বা পুষ্টিবিদৰ পৰামৰ্শ অবিহনে নিজাকৈয়ে ছাপ্লিমেণ্ট খায়৷ সুন্দৰ হোৱাৰ আশাত লিভাৰৰ কথা তেতিয়া আমাৰ মনত নাথাকে৷ সেয়ে প্ৰটিন বা ভিটামিন ছাপ্লিমেণ্ট খোৱাৰ সময়ত সতৰ্ক হোৱাটো খুবেই জৰুৰী৷
পেইন কিলাৰ
পেইনকিলাৰেও লিভাৰত প্ৰভাৱ পেলাই৷ বহুতেই মূৰৰ অলপ বিষ হ’লে বা ঋতুশ্ৰাৱৰ যন্ত্ৰণা উপশমৰ বাবে চিকিৎসকৰ পৰামৰ্শ অবিহনেই পেইনকিলাৰ সেৱন কৰে৷ এই পেইনকিলাৰেই লিভাৰৰ সমস্যাৰ সৃষ্টি কৰে৷
লো ফেট, কৃত্ৰিম চেনী এৰক
বহুতেই নিজৰ ডায়েট বনাই নানা পেকেজজাত লো ফেট ফুড আৰু চেনী এৰাবলৈ কৃত্ৰিম চেনীৰ ওপৰত ভৰসা কৰে৷ এই মনোভাৱ বৰ্জন কৰক৷ এইবোৰেই শৰীৰৰ চৰম ক্ষতি কৰে৷ অন্য ৰোগে আক্ৰমণ কৰাৰ লগতে লিভাৰো লাহে লাহে শেষ হৈ আহে৷ লিভাৰ সুস্থ ৰাখিবলৈ ট্ৰান্স ফেট, ভজা খাদ্য, পেকেজজাত আৰু প্ৰক্ৰিয়াজাত খাদ্যৰ পৰা দূৰৈত থাকক৷
টক্সিন
শৰীৰৰ পৰা যিমান টক্সিন বাহিৰ কৰিব পাৰে লিভাৰ সিমানেই সুস্থ থাকিব৷ দিনত এবাৰ দুবাৰ গৰম পানীত কাজিনেমুৰ ৰস মিহলাই খালেও এই সমস্যা দূৰ হয়৷ ডায়েটত দৈৰ দৰে প্ৰোবায়োটিক ৰাখক৷ কেতিয়াবা অত্যধিক খাদ্য সেৱন কৰাৰ পাছত প্ৰোবায়টিক লোৱাটো জৰুৰী৷
মদ্যপানৰ অভ্যাস এৰক
বহুতৰে ধাৰণা দামী মদ খালে একো নহয়, কমদামী মদ খালেহে শৰীৰৰ ক্ষতি হয়৷ এই সকলোবোৰ নিজকে সান্তনা দিয়াৰ বাহিৰে আন একো নহয়৷ মদ যিয়েই নহওক সি লিভাৰৰ ক্ষতি কৰিবই৷ সেয়ে যিমান পাৰে মদ্যপানৰ অভ্যাস ত্যাগ কৰক৷ প্ৰতি দিনে নিয়ন্ত্ৰিত মদ্যপানেও শৰীৰৰ ক্ষতি কৰে৷ লিভাৰত টক্সিন জমা হোৱা, শৰীৰক ভিতৰৰ পৰা শুকোৱাই অনাক প্ৰশ্ৰয় দিয়ে মদ্যপানেই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ