চুম্বন মানৱীয় ভাল লগা অভিব্যক্তি প্ৰকাশ কৰা এক শক্তিশালী মাধ্যম৷ বিভিন্ন ধৰণৰ চুমাৰে মানুহে নিজৰ ভাল লগা অভিব্যক্তি প্ৰকাশ কৰে৷ সেই সম্পৰ্কে তলত কিছু উল্লেখ কৰিবলৈ প্ৰয়াস কৰিম৷
উল্লেখ্য যে ৬ জুলাই হৈছে আন্তঃৰাষ্ট্ৰীয় চুম্বন দিৱস অৰ্থাৎ আজিৰ দিনটোত আন্তঃৰাষ্ট্ৰীয় চুম্বন দিৱস উদযাপন কৰা হয়। ভেলেণ্টাইন সপ্তাহত ১৩ ফেব্ৰুৱাৰীত চুম্বন দিৱস পালন কৰা হয় যদিও ইয়াৰ বাহিৰেও ৬ জুলাইতহে আন্তঃৰাষ্ট্ৰীয় চুম্বন দিৱস পালন কৰা হয়।
বছৰত দুবাৰকৈ এই দিৱস উদযাপন কৰাৰ আঁৰৰ কাৰণ হ’ল সুস্থভাৱে চুবম্বৰ প্ৰচাৰ কৰা। চুমা খোৱাটো কেৱল শাৰীৰিক আকৰ্ষণৰ সৈতে জড়িত নহয়, মানুহৰ আন্তৰিক সংযোগৰ সৈতে জড়িত এক অনুভৱহে। চুম্বন কৰাটো অনুভৱৰ লগতে স্বাস্থ্যৰ বাবেও উপকাৰী। সেইবাবেই বিশ্বৰ বহু দেশত চুম্বন দিৱস পালন কৰা হয়।
লগতে পঢ়ক কপাল ফুলিব কৰ্মচাৰীসকলৰ, চৰকাৰৰ কৰিলে বৃহৎ ঘোষণা, কি কি সুবিধা লাভ কৰিব কৰ্মচাৰীসকলে?
উল্লেখ্য যে চুম্বনৰ ইতিহাসৰ সৈতে ইউৰোপ বিশেষভাৱে জড়িত হৈ আছে৷ আনহাতে ইউৰোপত চুম্বনৰ ব্যাপক প্ৰসাৰত ৰোমানসকলৰ অৰিহণা আছে বুলি কোৱা হয়৷ তেওঁলোকে চুম্বন কৰাৰ বৰ্ণনা তিনিটা ৰূপত দিছিল — অস্কুলাম (গালত বন্ধুত্বপূৰ্ণ চুম্বন), বেচিয়াম (ওঁঠত মৰমৰ চুম্বন) আৰু চেভিয়াম (মুখত চুমা খোৱাৰ ভিতৰত আটাইতকৈ আবেগিক)। ৰোমান সমাজত কাৰোবাক কেতিয়া, ক’ত আৰু কেনেকৈ চুমা খাইছিল সেয়া সামাজিক মৰ্যাদাৰ এক গুৰুত্বপূৰ্ণ সূচক আছিল।
ইয়াৰ বাদেও চুম্বন কৰাৰ অন্য বহু প্ৰকাৰ আছে। চুম্বন কৰাৰ প্ৰকাৰেৰে সন্মুখৰ মানুহজনৰ অনুভৱ বুজিব পাৰি। সেই বিষয়ে তলত যথাসম্ভৱ উল্লেখ কৰিবলৈ চেষ্টা কৰা হৈছে৷
কপালত চুম্বন
প্ৰায়ে এগৰাকী মাতৃয়ে সন্তানক আদৰ-সাদৰ কৰি থকাৰ সময়ত কপালত চুম্বন কৰে। কপালত চুমা খোৱা মানে এক অবিচ্ছেদ্য আৰু গভীৰ সম্পৰ্ক। কপালত দিয়া এটা চুমা এটা অতি গভীৰ সম্পৰ্কৰ লক্ষণ।
লগতে পঢ়ক জনতাৰ মূৰত আকৌ মাধমাৰ মোদী চৰকাৰ! বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ মূল্য
হাতত চুম্বন
যেতিয়া কোনোবাই আপোনাৰ হাতত চুমা খায়, তাৰ অৰ্থ হ’ল তেওঁ আপোনাক সন্মান কৰে। বহু দেশত মানুহে নিজৰ বয়োজ্যেষ্ঠসকলক সন্মান জনাই হাতত চুমা খায়। তুৰস্কত ঘৰৰ ল’ৰা-ছোৱালীয়ে শুভেচ্ছা জনাই পিতৃ-মাতৃ বা বয়োজ্যেষ্ঠসকলৰ হাতত চুমা খাই আশীৰ্বাদ গ্ৰহণ কৰাটো এটা পৰম্পৰা। বন্ধু সকলেও হাতত চুমা খায়।
কাণত চুম্বন
প্ৰায়ে দম্পতীয়ে ইজনে সিজনৰ কাণত চুম্বন কৰে। ইয়াক কাণৰ লোব কিচ বোলা হয়। এইটো এটা ৰোমান্টিক চুম্বন। মানুহে সংগীৰ কাণত চুম্বন কৰি ৰোমাঞ্চ কৰে।
পিছফালৰ কৰা চুম্বন
যেতিয়া আপোনাৰ সংগীয়ে আপোনাক পিছফালৰ পৰা আহি আপোনাৰ কোলাত ধৰি চুম্বন কৰে, তেতিয়া ইয়াক স্পাইডাৰ কিচ বোলা হয়। যদি সংগীয়ে পিছফালৰ পৰা চুম্বন কৰে তেন্তে তাৰ অৰ্থ হ’ল দুয়োৰে মাজত বহুত আত্মীয়তা আছে।
লগতে পঢ়ক ভাৰতৰ বাহিৰে বিশ্বৰ এখন আগশাৰী দেশত হোৰাহোৰে বৃদ্ধি হৈছে হিন্দুৰ জনসংখ্যা
উৰন্ত চুম্বন
যেতিয়া কোনোবাই আপোনাক স্পৰ্শ নকৰি দূৰৰ পৰা চুম্বন কৰাৰ ইংগিত দিয়ে তেতিয়া তাক উৰি যোৱা বা উৰন্ত চুমা বোলা হয়। এই ধৰণৰ চুমা কেৱল দম্পতীৰ মাজতেই নহয় আন সম্পৰ্কতো হ’ব পাৰে। ফ্লাইং কিচ মানে ‘মিছ ইউ’ বা বিদায় দিয়াও।
গালত চুম্বন
মানুহে ইজনে সিজনৰ গালত চুমা খাই নিজৰ অনুভৱ সৰ্বাধিক প্ৰকাশ কৰে। যিকোনো ব্যক্তিয়ে দম্পতী, বন্ধু-বান্ধৱ, পৰিয়ালৰ সদস্যৰ গালত চুমা খাব পাৰে। গালত চুমা খোৱা মানে মৰম অনুভৱ আৰু প্ৰকাশ কৰা। এয়া এগৰাকী মাতৃৰ প্ৰতি তেওঁৰ সন্তানৰ, সন্তানৰ প্ৰতি মাতৃৰ, বন্ধুত্বৰ মাজত, আৰু ডেটিং কৰা দম্পতীৰ প্ৰতিও হ’ব পাৰে।
ওঁঠত চুম্বন
দম্পতীয়ে ওঁঠ বা ওঁঠত চুম্বন কৰিহে প্ৰেম আৰু প্ৰেমৰ অনুভৱ প্ৰকাশ কৰে। এই ধৰণৰ চুমা কেৱল প্ৰেমিক আৰু প্ৰেমিকা আৰু দম্পতীৰ মাজতহে হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ