দেশৰ জনতাৰ মূৰত আকৌ মাধমাৰ শোধাই ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ বুধবাৰে অৰ্থাৎ আজি দিনটোৰ পৰা ১৫.২ কেজিৰ ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰত ৫০ টকাকৈ বৃদ্ধি কৰা হৈছে৷
আনহাতে, ৫ কেজিৰ চিলিণ্ডাৰৰ প্ৰতি ইউনিটত বৃদ্ধি কৰা হৈছে ১৮ টকাকৈ৷ ইফালে ১৯ কেজিৰ বাণিজ্যিক চিলিণ্ডাৰত ৮.৫ টকা হ্ৰাস কৰা হৈছে৷
ইফালে দেশৰ বেছিভাগ চহৰতে এতিয়াৰে চৰকাৰে গেছ চিলিণ্ডাৰত ৰাজসাহায্য দিয়া বন্ধ কৰা হৈছে৷ গতিকে ক্ৰেতাসকলে ৰাজসাহায্য অবিহনে চিলিণ্ডাৰ ক্ৰয় কৰিব লগা হৈছে।
লগতে পঢ়ক নাৰীসকল সাৱধান হওক! অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই আক্ৰান্ত হ’ব পাৰে কেন্সাৰত!
অৱশ্যে উজ্জ্বলা আঁচনিৰ অধীনত বিনামূলীয়াকৈ এলপিজি সংযোগ লাভ কৰা হিতাধিকাৰীসকলকহে চৰকাৰে ইয়াৰ ৰাজসাহায্য প্ৰদান কৰিছে।
উল্লেখ্য যে যোৱা এটা বছৰত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰত মুঠ ২৫০ টকা বৃদ্ধি পাইছে৷ ইয়াৰ পূৰ্বে যোৱা মাৰ্চ মাহতো ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৫০ টকাকৈ বৃদ্ধি কৰিছিল৷ আনহাতে ২০২১চৰ অক্টোবৰৰ পৰা ২০২২ চনৰ ফেব্ৰুৱাৰি মাহলৈকে ইয়াৰ মূল্য ৮৯৯.৫০ টকা আছিল৷
যোৱা ২২ মাৰ্চত ৫০ টকা বৃদ্ধি কৰাৰ ফলত ইয়াৰ মূল্য ৯৪৯.৫০ টকা হৈছিল৷ এতিয়া পুনৰ ৫০ টকা বৃদ্ধি হোৱাৰ ফলত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যই ১০০০ টকা অতিক্ৰম কৰিলে৷ আজিৰে পৰা অসমত ৰাজসাহায্যবিহীন ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ১১০২ টকা হ’ল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ