অভিনেত্ৰী জেছমিনে হেৰুাৱলে দৃষ্টি শক্তি! সামাজিক মাধ্যমত পোষ্ট কৰি জনালে এই খবৰ
ভাৰতীয় টিভি জগতৰ জনপ্ৰিয় অভিনেত্ৰী জেচমিন ভাছিনে সামাজিক মাধ্যমত এটা পোষ্ট কৰাৰ পাছতে অভিনেত্ৰী গৰাকীৰ অনুৰাগীৰ মাজত কৌতুহলৰ সৃষ্টি হয়, লগতে দুখ ব্যক্ত কৰে অভিনেত্ৰী গৰাকীৰ সন্দৰ্ভত। কিয়নো অভিনেত্ৰীগৰাকীয়ে হেৰুৱালে চকুৰ দৃষ্টি শক্তি। গাঢ় ক’লা ৰঙৰ চছমা পিন্ধি সামাজিম মাধ্যমত নিজৰ চকুৰ ৰোগৰ কথা সদৰি কৰে জেচমিনে।
অভিনেত্ৰীগৰাকীৰ কৰ্ণিয়াৰ ৰোগ ধৰা পৰিছে। জেচমিন ভাছিনে সদৰি কৰা অনুসৰি ১৭ জুলাইৰ পৰা কৰ্ণিয়াৰ ৰোগত আক্ৰান্ত হৈ আছে অভিনেত্ৰীগৰাকী। যাৰ বাবে বিষ অনুভৱ কৰি আছে জেছমিনে।
অভিনেত্ৰীগৰাকীয়ে কয়, ‘মই ১৭ জুলাইত দিল্লীত আছিলো এটা অনুষ্ঠানৰ বাবে, যাৰ বাবে মই সাজু হৈ আছিলো। সেই অনুষ্ঠানৰ বাবে মই চকুত লেন্স ব্যৱহাৰ কৰিছিসলো। পাছে সেই লেন্সৰ কি সমস্যা আছিল নাজানো, কিন্তু পিন্ধাৰ পিছত মোৰ চকু দুটা বিষাবলৈ ধৰে আৰু বিষ ক্ৰমান্বয়ে বেছিকৈ বাঢ়ি যায়। লগে লগে ডাক্তৰৰ ওচৰলৈ যাব বিচাৰিছিলো, কিন্তু এটা ইভেণ্টত আছিলো গতিকে যাব নোৱাৰিলোঁ। পাছত ইভেণ্টৰ শেষত পোনেই ডাক্তৰৰ ওচৰলৈ গৈছিলো।
যেতিয়া তেওঁ চিকিৎসকৰ পৰামৰ্শ লয় তেতিয়া গম পায় যে জেছমিনৰ কৰ্ণিয়াৰ ক্ষতি হৈছে। চিকিৎসাৰ অন্তত ডাক্তৰে কয়- অহা চাৰি-পাঁচ দিনত মই ভাল হ’ম, কিন্তু তেতিয়ালৈকে চকুৰ ভাল যত্ন লোৱাটো প্ৰয়োজন। সহজ নহয় কাৰণ মই দেখা নাপাওঁ আৰু বিষৰ বাবে মোৰ টোপনি অহাত অসুবিধা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ