এক জঘন্য কাণ্ড পোহৰলৈ আহিছে৷ প্ৰকাশিত খবৰ মতে, এগৰাকী ৭ বছৰীয়া শিশু কন্যাক বলপূৰ্বকভাৱে বিবাহ কৰিবলৈ চেষ্টা কৰা এজন লোকে ইয়াৰ বিৰোধ কৰাৰ বাবে কন্যা শিশুটিৰ শিশু ভাতৃক মৰিয়াই হত্যা কৰিছে৷
এই জঘন্য কাণ্ডটো পাকিস্তানৰ লাহোৰত সংঘটিত হৈছে৷ পাক সংবাদ পত্ৰত প্ৰকাশিত ঘটনাৰ বিৱৰণীৰ মতে আব্দুল হাছান নামৰ প্ৰতিৰক্ষা গৃহ নিৰ্মাণ কৰ্তৃপক্ষত বাস কৰা লোকজনে তেওঁৰ ঘৰত তিনিটি শিশুক শিশু শ্ৰমিক হিচাপে ৰাখিছিল৷ তেওঁলোক আটাইয়ে ভাতৃ-ভগ্নী৷
তাৰ মাজত এগৰাকী ৭ বছৰীয়া কন্যা শিশুও আছিল৷ আব্দুল হাছানে ৭ বছৰীয়া কন্যা শিশুটিক বলপূৰ্বকভাৱে বিবাহ কৰাবলৈ বিচাৰিছিল যদিও দুই শিশু ভাতৃয়ে ইয়াৰ বিৰোধ কৰে৷
লগতে পঢ়ক বিপজ্জনক সামগ্ৰী কঢ়িওৱা বিমান দুৰ্ঘটনাগ্ৰস্ত, ৮ জনৰ মৃত্যু; উদ্ধাৰৰ বাবেও শংকিত!
বিৰোধ কৰাৰ বাবে দুয়োটি শিশুৰ ওপৰত আব্দুল হাছানে অমানুষিক অত্যাচাৰ চলাই যাৰফলত ইয়াৰে ১০ বছৰীয়া কামৰাণ নামৰ শিশুটিৰ মৃত্যু হোৱাৰ লগতে অন্যটি ৬ বছৰীয়া শিশু গুৰুতৰভাৱে আহত হয়৷
১০ বছৰীয়া শিশুটিৰ মৃত্যুৰ পিছতে এই সমগ্ৰ ঘটনা প্ৰৱাহ পোহৰৈ আহে৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত বহোৱালপুৰ আৰক্ষীয়ে অভিযুক্ত হাছানক গ্ৰপ্তাৰ কৰিছে৷
আৰক্ষীয়ে প্ৰকাশ কৰা মতে অভিযুক্ত আব্দুল হাছান এগৰাকী পীৰ আৰু শিশু তিনিটিৰ পিতৃ পাক হায়দৰাবাদৰ নিৱাসী৷ তেওঁ পীৰ হাছানৰ ওচৰলৈ প্ৰায়ে আহিছিল আৰু সেই সূত্ৰে তেওঁৰ তিনি শিশু সন্তানক হাছানৰ ঘৰত শিশু শ্ৰমিক হিচাপে ৰাখি গৈছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ