ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণে আজি অষ্টম দিনত ভৰি দিলে৷ এই ৮ টা দিনত ৰাছিয়াই ইউক্ৰেইনৰ বিভিন্ন চহৰত আক্ৰমণ কৰি ধ্বংস কৰিছে৷
বৃহস্পতিবাৰে ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কীয়েভত আক্ৰমণ অব্যাহত ৰাখিছে। ইউক্ৰেনেও ৰাছিয়ান সেনাৰ বিৰুদ্ধে প্ৰত্যাক্ৰমণ কৰিছে। ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ আজি অষ্টম দিনত প্ৰৱেশ কৰাৰ সময়তে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে আৰু এটা ভিডিঅ’ বাৰ্তাত দেশবাসীক সম্বোধন কৰিছে৷
লগতে পঢ়ক দুৰ্ভাগ্য! ‘যুদ্ধবাজ এখন দেশ এৰি আকৌ এখন যুদ্ধৰ সন্মুখীন হ’লো’
ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কয়, ‘‘আমি প্ৰতিটো ঘৰ, ৰাস্তা আৰু চহৰ পুনৰ নিৰ্মাণ কৰিম। কিন্তু মই ৰাছিয়াক কওঁ, আপুনি জানে যে আপুনি ইউক্ৰেনীয়সকলৰ বিৰুদ্ধে যি কৰিছে তাৰ মূল্য পৰিশোধ কৰিব লাগিব।’’
ৰাষ্ট্ৰপতি জেলেনস্কিয়ে লগতে আৰু কয়, ‘‘ৰাছিয়াৰ বাহিনীয়ে এক বৃহৎ ক্ষেপণাস্ত্ৰ আৰু ৰকেট আক্ৰমণ চলাইছে। তেওঁলোক দেশৰ গুৰুত্বপূৰ্ণ চহৰসমূহৰ আগুৰি ধৰিছে। কিন্তু স্বাধীনতাৰ বাহিৰে আমাৰ হেৰুৱাবলৈ একো নাই। বন্ধু ৰাষ্ট্ৰসমূহে ইউক্ৰেইনক প্ৰতিদিনে অস্ত্ৰ-শস্ত্ৰৰে সহায় কৰি আছে।’’
লগতে পঢ়ক যুদ্ধৰ বিৰল দৃশ্য; আক্ৰমণকাৰী ৰাছিয়ান সৈন্যক এইদৰে কি কৰিছে কিশোৰী ইক্ৰেইনীয়ানে?
ইফালে ৰাজধানী চহৰ কীয়েভৰ মেয়ৰ ভিটালি ক্লিটস্কোৱে কয় যে চহৰখনৰ পৰিস্থিতি ‘‘কঠিন কিন্তু নিয়ন্ত্ৰণত’’ আছে। মেয়গৰাকীয়ে যোৱা নিশা ৰাছিয়াৰ আক্ৰমণত কোনো লোক হতাহত হোৱা নাই বুলিও কয়।
আনহাতে, নিশা ইউক্ৰেইনৰ বায়ু সেনাই বহু ৰাছিয়ান ক্ষেপণাস্ত্ৰ ধ্বংস কৰে বুলিও দাবী কৰিছে কীয়েভৰ মেয়ৰ ক্লিটস্কোৱে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ