চীন আৰু আমেৰিকাৰ মাজত আৰম্ভ হৈছে শুল্ক যুদ্ধ৷ সেই যুদ্ধৰেই প্ৰভাৱ পৰিছে ব্যক্তি সম্পৰ্কৰ ক্ষেত্ৰতো৷ মাৰ্কিন যুক্তৰাষ্ট্ৰ চৰকাৰে চীনত নিযুক্ত কূটনীতিবিদ, নিৰাপত্তা অনুমোদনপ্ৰাপ্ত কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালক চীনা নাগৰিকৰ সৈতে প্ৰেম, যৌন সম্পৰ্ক স্থাপন কৰা আদিৰ পৰা দূৰৈত থাকিবলৈ নটিছ প্ৰেৰণ কৰিছে৷ অৰ্থাৎ এনে সম্পৰ্ক সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰিছে আমেৰিকাই৷ জানুৱাৰীতেই প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰদূৰ নিকোলাছ বাৰ্নছে এই নীতি কাৰ্যকৰী কৰিছে৷
হনুমান জয়ন্তীত এই ৪ সামগ্ৰী ঘৰলৈ আনক, অৰ্থ সাফল্য উপচি পৰিব সংসাৰত
পূৰ্বে কেৱল নিৰ্দিষ্ট পেছাত চীনা নাগৰিকৰ সৈতে সম্পৰ্ক সীমিত আছিল আমেৰিকাৰ লোকৰ৷ কিন্তু এইবাৰ সম্পূৰ্ণ ন’ন ফ্ৰাটাৰনাইজেছন নীতি আৰম্ভ কৰিছে আমেৰিকাই৷ নিৰাপত্তাজনিত উদ্বেগ, বিশেষকৈ তথাকথিত হানিপট কৌশলৰ মাধ্যমেৰে চুৰি কৰা আদি কামৰ পৰা ৰেহাই পাবলৈকে এই সিদ্ধান্ত লোৱা হৈছে বুলি জনাইছে আমেৰিকাৰ তৰফৰ পৰা৷
এই নিষেধাজ্ঞা চীনৰ মূল ভূখণ্ড আৰু হংকঙৰ মাৰ্কিন মিছনত প্ৰযোজ্য৷ চীনৰ বাহিৰৰ মাৰ্কিন কৰ্মীসকলৰ ক্ষেত্ৰত এই নিৰ্দেশনা কাৰ্যকৰী নহয়৷ পূৰ্ববৰ্তী সম্পৰ্ক থাকিলেও সেই সম্পৰ্ক চীনত থকা এইসকল কৰ্মচাৰীক বাদ দিবলৈ আহ্বান জনোৱা হৈছে৷ সম্পৰ্ক বাদ নিদিলে সেই পদৰ পৰা অব্যাহতি ল’বলৈকো ৰূঢ়ভাৱে জনাই দিছে আমেৰিকাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















