আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি তথা ভাৰতৰ জোঁৱাই ভেন্স আজি ভাৰতলৈ, মোদীৰ সৈতে আলোচনা
তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি ২১ এপ্ৰিল সোমবাৰে ভাৰতত উপস্থিত হ’ব আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি তথা ভাৰতৰ জোঁৱাই জে ডি ভেন্স। ভাৰতীয় মূলৰ পত্নী উষা আৰু তিনি সন্তানৰ সৈতে আজি দিল্লীত উপস্থিত হ’ব ভেন্স।
আজি সোমবাৰৰ পুৱা ৯:৩০ মান বজাত দিল্লীত উপস্থিত হ’ব আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিগৰাকী। ৰোমৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ সময়ৰ এটা ভিডিঅ’ প্ৰকাশ পাইছে, য’ত জে ডি ভেন্সৰ সন্তানে দুয়োহাতত তৰোৱাল লৈ খেলি থকা দেখা গৈছে।
পুৱা ভাৰতত উপস্থিত হোৱাৰ পাছত সন্ধিয়া ৬.৩০ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰিব আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে। এই সময়ত বাণিজ্য, শুল্ক, আঞ্চলিক নিৰাপত্তা আৰু সামগ্ৰিক দ্বিপাক্ষিক সম্পৰ্কৰ প্ৰসাৰ আদি গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰা হ’ব।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতকে ধৰি প্ৰায় ৬০খন দেশৰ ওপৰত প্ৰতিশোধমূলক শুল্ক আৰোপ কৰাৰ আৰু তাৰ পিছত স্থগিত ৰখাৰ মাত্ৰ কেইসপ্তাহমানৰ পিছতে জে ডি ভেন্সৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ। ভাৰত আৰু আমেৰিকাই শুল্ক আৰু বজাৰত প্ৰৱেশকে ধৰি বিভিন্ন সমস্যা সমাধানৰ বাবে দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ বিষয়ে অবিৰতভাৱে আলোচনা কৰি আছে।
সোমবাৰে প্ৰধানমন্ত্ৰী মোডী আৰু ভেন্সৰ বৈঠকত শীঘ্ৰে চুক্তিখন চূড়ান্ত কৰাৰ লগতে দুয়োখন দেশৰ সম্পৰ্ক আৰু অধিক উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। ভেন্সৰ লগতে পেন্টাগন আৰু ষ্টেট ডিপাৰ্টমেণ্টৰ জ্যেষ্ঠ বিষয়াসকলেও এই বৈঠকত অংশগ্ৰহণ কৰাৰ বিপৰীতে ভাৰতৰ ফালৰ পৰা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, এন এছ এ অজিত ডোভাল, বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু আমেৰিকাত থকা ভাৰতীয় ৰাষ্ট্ৰদূত বিনয় মোহন কোৱাট্ৰাই অংশগ্ৰহণ কৰিব।
বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে সোমবাৰে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে দিল্লীৰ অক্ষৰধম মন্দিৰ পৰিদৰ্শন কৰিব। পিছদিনা জয়পুৰলৈ যাব, য’ত তেওঁ আৰু তেওঁৰ পত্নী উষা ভ্যান্সে ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ আমেৰ দুৰ্গকে ধৰি কেইবাটাও ঐতিহাসিক স্থল পৰিদৰ্শন কৰিব। ২৩ এপ্ৰিলৰ পুৱা ভেন্সে পৰিয়ালৰ সৈতে আগ্ৰাৰ তাজমহল পৰিদৰ্শন কৰিব। সেইদিনা সন্ধিয়া ভেন্সে আগ্ৰাৰ পৰা জয়পুৰলৈ উৰা মাৰিব আৰু পিছদিনা ২৪ এপ্ৰিলৰ পুৱা আমেৰিকালৈ ৰাওনা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ