ব্যক্তিগৰাকীৰ নাম ৰাম চেট৷ উত্তৰ প্ৰদেশৰ চুলতানপুৰৰ সাধাৰণ এজন মুচি৷ এতিয়া তেওঁক এজন সাধাৰণ মুচি বুলিলে ভুল হ’ব৷ তেওঁ এতিয়া এজন লাখপতি মুচি৷ অকল্পনীয় এটা দিনে সলাই দিলে ৰামৰ ভাগ্য৷ তেওঁৰ কদৰ এতিয়া আকাশলংঘী৷ নিশাৰ ভিতৰতে তেওঁ সৰু মুচিৰ পৰা হৈ পৰিছে হেভিৱেট মুচি৷ দুদিন পূৰ্বলৈকে তেওঁ ভাৱিবই পৰা নাছিল এনে দিন তেওঁৰো আহিব৷ এতিয়া তেওঁৰ সৰু দোকানৰ সন্মুখত বহু নামী দামী ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি বহু হেভিৱেট ব্যক্তিৰ ভীৰ৷ সকলোবোৰৰ নেপথ্যত কিন্তু ৰাহুল গান্ধী৷
হঠাৎ তেওঁৰ জীৱন সলনি হোৱাৰ আঁৰত তেওঁ ধন্যবাদ দিব খোজে ছোনীয়া পুত্ৰ ৰাহুলক৷ ৰাহুলেই তেওঁ সেই সন্মানৰ যোগ্য কৰি তুলিছে বুলিও তেওঁৰ মত৷ আজি সকলোৱে আহি ৰামক জোতা চিলাই কৰিবলৈ জোতাযোৰ দি গুচি নাযায়৷ এতিয়া ৰামৰ সৈতে বহি বহু ধনী মানী মানুহে বাৰ্তালাপ কৰে৷ ৰামৰ জীৱন সম্পৰ্কে জানিব খোজে৷ তেওঁ কেনে আছে কিবা অসুবিধাত পৰিছে নেকি সেই খবৰো ৰাখে৷
উল্লেখ্য যে তেওঁ পূৰ্বৰ দৰেই জোতা চিলাইৰ কাম কৰি থাকোতে হঠাৎ ৰাহুল গান্ধী এদিন তেওঁৰ দোকানত উপস্থিত হৈছিল৷ কেনেকৈ জোঁতা চিলাই সেই কাম পৰ্যবেক্ষণ কৰি ৰাহুলে তাতেই এযোৰ জোতা চিলাই কৰে৷ ৰাহুলে চিলাই কৰা জোতাই সলাইছে ৰামৰ ভাগ্য৷ ৰাহুলে চিলাই কৰা সেই জোতা বিচাৰি বহুজন আহিছে৷ শেহতীয়াকৈ জোতাযোৰৰ দৰ উঠিছেগৈ ১০লাখ টকা৷ কিন্তু ৰামে বেছিবলৈ আগ্ৰহী নহয়৷ ৰামে কয় যে সেই জোতা তেওঁ কোনো মূল্যৰ বিনিময়তেই বিক্ৰি নকৰে৷
ৰাহুলে চুলতানপূৰলৈ এক মানহানিৰ গোচৰৰ শুনানিৰ বাবে গৈছিল৷ পথত অন্যদিনাৰ দৰে ৰামে জোতা চিলাইৰ কামেই কৰি আছিল৷ তেতিয়াই ৰাহুল তেওঁৰ কাষত হঠাৎ ৰৈ যায়৷ ৰাহুলে ৰামৰ ব্যৱসায় সম্পৰ্কে বুজ লোৱাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে৷ সেই ভিডিঅ’ই সলাইছে ৰামৰ জীৱন৷ এতিয়া ৰামৰ দোকানৰ সন্মুখত ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰো যথেষ্ট ভিৰ৷
ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ সন্মুখত ৰামে জনাইছে যে, ৰাহুলে তেওঁ দোকানত আহিয়েই তেওঁৰ জীৱন সলনি হৈছে৷ ৰাহুলে দিয়া সন্মানৰ কথাও তেওঁ বাৰে বাৰে সোঁৱৰিছে৷ ৰাহুলে চিলাই কৰা জোতাৰ দাম সন্দৰ্ভত ৰামে কয়, ‘প্ৰথম এজনে ৫লাখ টকা দি জোতাযোৰ ক্ৰয় কৰাৰ প্ৰস্তাৱ দিছিল৷ সেই প্ৰস্তাৱ বৰ্তমান ১০লাখ হৈছেগৈ৷ কিন্তু মই এই জোতা বিক্ৰি নকৰো৷’ ৰামৰ জীৱনশৈলীৰ কথাও এতিয়া ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰচাৰ হৈছে৷ ৰাম এটা অস্থায়ী জুপুৰিত বাস কৰে৷ দিনটো জোতা চিলাইৰ কাম কৰি নিশা সেই জুপুৰিলৈকে উভতি যায়৷ বিশেষ জুপুৰিটোত কাৰেণ্টৰ কোনো ব্যৱস্থা নাই৷ সেয়ে নিশা তেওঁ কোনোধৰণৰ কাম কৰিব নোৱাৰে৷ অন্ধকাৰত টিপচাকিৰ পোহৰত এমুঠি ৰান্ধি খাই৷ ৰাহুলে যেতিয়া তেওঁৰ সেই দুৰ্দশাৰ কথাবোৰ নিজৰ ছচিয়েল মিডিয়া প্লেটফৰ্মত প্ৰকাশ কৰিলে তাৰপাছতেই এতিয়া ছুলতানপূৰৰ প্ৰশাসনিক কেইবাগৰাকীও লোকে ৰামৰ খবৰ লৈছে৷ ৰামৰ সকলো দুৰ্দশা অচিৰেই দূৰ কৰাৰো তেওঁলোকে প্ৰতিশ্ৰুতি দিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ