প্ৰেম কৰিয়েই বিয়া কৰাইছিল দুয়োৱে৷ কিন্তু চাৰিমাহৰ ভিতৰত দুই যুৱকৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্কত সোমাই পৰিছে তৰুণী৷ আনকি স্বামী নাথাকিলেই তেওঁলোকৰ সৈতে শাৰীৰিক সম্পৰ্কতো লিপ্ত হয় মহিলাগৰাকী৷ কিন্তু কিমান দিন অৱশেষত চুৰি ধৰা পৰিল স্বামীৰ হাতত৷
ঘটনাটো উত্তৰপ্ৰদেশৰ কানপুৰৰ৷ তাতেই এক ভাড়াঘৰত আছিল শচীন সিং আৰু শ্বেতা সিং৷ চাৰিমাহ পূৰ্বেই তেওঁলোকৰ বিয়া হৈছিল৷ কিন্তু বিয়াত মত নাছিল দুয়োৰে পৰিয়ালৰ৷ তেওঁলোকে সেয়ে পৃথককৈ থাকিবলৈ আৰম্ভ কৰিছিল৷ জনা গৈছে শচীন আৰু শ্বেতাৰ কাষৰ ঘৰত দুই ইঞ্জিনিয়াৰিং পঢ়ি থকা ছাত্ৰ ভাড়াতীয়া হিচাপে আছিল৷ অভিযোগ যে তেওঁলোক দুয়োৰে সৈতেই বিবাহ বহিৰ্ভূত সম্পৰ্কত আছিল শ্বেতা৷ পত্নীৰ চাল চলন দেখি প্ৰথমৰ পৰাই সন্দেহ হৈছিল শচীনৰ৷ কিন্তু শ্বেতাৰ বিৰুদ্ধে তেওঁ কোনো প্ৰমাণ পোৱা নাছিল৷
বিগত শুকুৰবাৰে গাঁৱৰ ঘৰলৈ যাব বুলি পুৱা সোনকালে ঘৰৰ পৰা ওলাইছিল শচীন৷ পত্নীক জনাইছিল যে নিশা তেওঁ ঘৰলৈ উভতি নাহে৷ কিন্তু সন্দেহৰ বশত হঠাৎ নিশা ঘৰত উপস্থিত হয় শচীন৷ দুৱাৰ খুলি ভিতৰত প্ৰৱেশ কৰে৷ ক্ৰমে বেডৰুমৰ দিশে প্ৰৱেশ কৰোতেই অবাক হৈ পৰে শচীন৷ শচীনৰ অভিযোগ দুৱাৰ খোলা আছিল তেওঁৰ ৰুমৰ৷ বেডৰুমত পত্নীয়ে দুই যুৱকৰ সৈতে শৰীৰী খেলাত মগ্ন হৈ আছিল৷
অভিযোগ যে শচীনক দেখি ভয় খাই লৰালৰিকৈ পলাই পত্ৰং দিয়ে দুই যুৱকে৷ কিন্তু পলাব নোৱাৰিলে শ্বেতা৷ শচীনে খঙতে পত্নীক ডিঙি চেপি হত্যা কৰে বুলিও স্বীকাৰোক্তি দিছে শচীনে৷ ঘটনাৰ পিছদিনা নিজেই থানালৈ গৈ আত্মসমৰ্পন কৰিছে শচীনে৷ আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি ইতিমধ্যেই অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে৷ শ্বেতাৰ দেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে পঠিওৱা হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















