আমি ঘৰৰ ক’ত কি থ’ব লাগে এই বিষয়ে বিস্তাৰিতভাৱে উল্লেখ আছে বাস্তুশাস্ত্ৰত৷ বাস্তু অনসৰি ঘৰৰ সঠিক স্থানত সঠিক সামগ্ৰী ৰাখিলে সংসাৰত পজিটিভ এনাৰ্জি থাকে৷ ইয়াৰ ফলত পৰিয়ালত সুখ শান্তি আৰু সমৃদ্ধি বৰ্তি থাকে৷ আমাৰ সংসাৰৰ সকলোতকৈ গুৰুত্বপূৰ্ণ সামগ্ৰী ধন ক’ত ৰখা উচিত? অৰ্থৰক সৈতে পোনপটীয়াকৈ জড়িত হৈ আছে মা লক্ষ্মী৷ এনে স্থানত টকা ৰখা উচিত যাতে মা লক্ষ্মী প্ৰসন্ন হয়৷ জানি থওক ঘৰৰ কোন কোন স্থানত ভুলতো টকা নাৰাখিব?
কোন স্থানত ৰাখিব আলমাৰি?
টকা পইছা সাধাৰণতে আমি আলমাৰিতেই ৰাখো৷ কিন্তু আলমাৰি ঘৰৰ ঠিক কোন স্থানত ৰাখিব সেই বিষয়েও সচেতন হোৱা জৰুৰী৷ বাস্তু অনুসৰি আলমাৰি বা লকাৰ, য’ত আপুনি টকা পইছা ৰাখে সেয়া ঘৰৰ কোনো অন্ধকাৰ স্থানত নাৰাখিব৷ ঘৰৰ যি অংশত সূৰ্যৰ পোহৰ পৰে, সেই স্থানত আলমাৰি ৰখা উচিত নহয়৷ ইয়াৰ ফলত আপোনাৰ আৰ্থিক ক্ষতি হ’ব পাৰে৷
বাথৰুমৰ কাষত নহয়
বাথৰুম বা টয়লেটৰ স্থানত টকা ৰখা উচিত নহয়৷ যি যি দেৱালৰ সৈতে শৌচাগাৰ যুক্ত সেই দেৱালৰ গাত লগাই কেতিয়াও আলমাৰি ৰখা উচিত নহয়৷ টয়লেটৰ কাষত ধন থোৱা বাস্তুমতে অত্যন্ত অশুভ৷ ইয়াৰ ফলত আপোনাৰ পক্ষে অৰ্থ উপাৰ্জন কৰা কঠিন হৈ পৰিব৷ যি উপাৰ্জন কৰিব সেয়া বাজে খৰচ কৰিয়েই উৰুৱাই দিব৷
দক্ষিণ পশ্চিম দিশত নাৰাখিব
বাস্তুশাস্ত্ৰই কৈছে ঘৰৰ দক্ষিণ পশ্চিম দিশত টকা ৰখা কেতিয়াও উচিত নহয়৷ কাৰণ দক্ষিণ-পশ্চিমক যমৰাজৰ দিশ বুলি কোৱা হয়৷ এই দিশত টকা ৰাখিলে এটাৰ পিছত এটা আৰ্থিক ক্ষতি আহিব পাৰে৷ আপুনি দাৰিদ্ৰৰ অন্ধকাৰ তলিত সোমাই যাব পাৰে৷
কোণৰ দিশত ধন নাৰাখিব
ঘৰৰ কোনো কোণত টকা ৰাখিব নালাগে৷ আলমাৰি হওক বা পাৰ্ছ, ঘৰৰ কোনো কোণত ৰখা উচিত নহয়৷ বাস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ কোণৰ পৰা দুৰ্বল এনাৰ্জি নিৰ্গত হয়৷ এই দিশত টকা ৰাখিলে আপোনাৰ হাতত বেছিদিন নাথাকিব৷ চেষ্টা কৰক ঘৰৰ মাজভাগত টকা ৰাখিব৷ কাৰণ মাজভাগত এনাৰ্জি সকলোতকৈ বেছি৷
ৰান্ধনিঘৰৰ কাষত ধন নাৰাখিব
ৰান্ধনিঘৰত যিহেতু আমাৰ খাদ্য তৈয়াৰ হয়, ৰান্ধনিঘৰ আমাৰ শক্তিৰ উৎস৷ ৰান্ধনিঘৰৰ কাষত টকা ৰখা বাস্তুমতে অশুভ৷ ইয়াৰ ফলত অৰ্থৰ অপচয় হ’ব পাৰে৷
দুৱাৰৰ কাষত নহয়
যি আলমাৰিত টকা ৰাখে, সেয়া ভুলতো মূল দুৱাৰৰ কাষত নাৰাখিব৷ মূল দুৱাৰৰ পৰা যেন আলমাৰি দেখা নাযায়৷ মূল দুৱাৰৰ কাষত টকা ৰাখিলে আপুনি ধৰি ৰাখিব নোৱাৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ