অসম লাইভ ২৪ঃ কল্পনাই হয়তো এই দিনটোৰ কল্পনা নিজেও কৰা নাছিল৷ এবাৰ ভাঙি যোৱা সপোন দুনাই দেখাৰো কল্পনা কৰা নাছিল কল্পনাই৷ কিন্তু এইযে কোৱা হয় বিধাতাই বিচাৰিলে নোহোৱাৰ প্ৰশ্নই নাই৷ হেমন্ততো ফাগুন আহিল কল্পনাৰ জীৱনলৈ৷ উকা হৈ ৰোৱা শিৰৰ পদুলিত পলাশ সৰিল৷ উকা সাজ সলাই ৰঙীন সাজ পিন্ধি কইনা হ’ল নলবাৰীৰ বিধৱা নাৰী কল্পনা ভাগৱতী৷
প্ৰশান্ত শৰ্মা নামৰ যুৱকজনে আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতিৰে কল্পনাৰ শিৰত আঁকি দিলে সেন্দুৰ৷ সমাজক সাক্ষী কৰি বালিলেছাৰ কালী মন্দিৰত যুগ্ম জীৱনৰ পাতনি মেলিছে কল্পনা-প্ৰশান্তই৷ কল্পনা-প্ৰশান্তৰ বিবাহৰ কিছু দৃশ্যাংশ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ বহুতেই প্ৰশান্তৰ এই মহানুভৱতাৰ শলাগো লৈছে৷ ইপিনে বৈধ্যৱক আঁকোৱালী জীৱন অতিবাহিত কৰা কল্পনাৰ এজনী ৮ বছৰীয়া কন্যা সন্তানো আছে৷ এই বিবাহ অনুষ্ঠানত কল্পনাৰ ৮ বছৰীয়া কন্যা সন্তানটিও উপস্থিত থাকে৷
ইপিনে এই বিবাহক লৈ দাঙি ধৰা মন্তব্যত প্ৰশান্তই কয় যে, এই বিবাহ পৰিয়ালৰ সন্মতিতেই হৈছে৷ তেওঁ কল্পনাৰ সমান্তৰালকৈ কন্যাটিক আঁকোৱালী লোৱাত কোনো আপত্তি নাই বুলি জনোৱাতহে কল্পনাই এই বিবাহত মত দিয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















