বহু শিশুক আহাৰ গ্ৰহণ কৰোৱাৰ সময়ত মাতৃয়ে বিভিন্ন সমস্যাৰ সন্মুখীন হয়। বিশেষকৈ মোবাইল ফোন বা টিভি অবিহনে শিশুৱে আহাৰ খাবই নিবিচাৰে। তেওঁলোকে খাদ্যতকৈ টিভি বা মোবাইলত কাৰ্টুনৰ প্ৰতি বেছি গুৰুত্ব দিয়া পৰিলক্ষিত হয়। যাৰ ফলত শিশুৱে আহাৰ খাই শেষ কৰিবলৈ ঘণ্টাৰ পিছত ঘণ্টা সময় লাগে।
বহু অভিভাৱকে নিজৰ ঘৰৰ কামবোৰ কৰিবলৈ সন্তানক মোবাইলটো দি ৰাখে। আৰু এনেদৰে শিশুসকল মোবাইল বা টিভিৰ প্ৰতি আসক্ত হৈ পৰে। মনত ৰাখিব, এই আসক্তিৰ বাবেই শিশুৱে ভৱিষ্যতে বিপদত পৰিব পাৰে।
ইফালে মোবাইল বা টিভিত বেছি গুৰুত্ব দি আহাৰ নোখোৱাৰ বাবে বহু শিশুৱে পুষ্টিহীনতাতো ভুগিবলৈ ধৰে। পেটৰ সমস্যাও হ’ব পাৰে। কেৱল খোৱাৰ সময়তেই নহয়, এবাৰ এই নিচা আৰম্ভ হ’লে সকলো সময়তে শিশুৱে মোবাইল বা টিভিত চকু থৈয়ে সময় পাৰ কৰে। ইয়াৰ বাবেই তেওঁলোকে পঢ়া-শুনাত মনোনিৱেশ নকৰে। এই অভ্যাস সলনি কৰাটো অতি প্ৰয়োজনীয়। কিন্তু ই কেনেকৈ সম্ভৱ? তলত ইয়াৰ কিছু পৰামৰ্শ দিয়া হৈছে—
লগতে পঢ়ক শোকাৱহ! ত্ৰিৰংগা উত্তোলন কৰিবলৈ গৈ চিকিৎসকৰ কৰুণ মৃত্যু
১. বহু ঘৰত অভিভাৱকসকলে টিভিৰ সন্মুখত বহি খায়। প্ৰথমে নিজকে সলনি কৰক। সন্তানে পিতৃ-মাতৃক অনুসৰণ কৰে।
২. শিশুক আন ঠাইত খোৱাৰ সলনি ডাইনিং টেবুলত খোৱাৰ অভ্যাস কৰক। প্ৰয়োজন হ’লে গল্প কৈ খুৱাব পাৰিব। টিভি অন কৰাৰ পৰিৱৰ্তে তেওঁলোকক ভিন্ন গল্প বা কাহিনী কৈ শুনাওক। খাদ্য খোৱাৰ সময়ত যাতে শিশুটি টিভিৰ ওচৰলৈ নাহে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।
৩. খাদ্য শেষ কৰিবলৈ এটা নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰক। আপুনিও শিশুটিৰ লগত একেখন টেবুলতে খোৱা কৰক। এটা নিৰ্দিষ্ট সময়ত খাই উঠি উঠিব। অৱশ্যে সময়মতে খোৱাৰ হেঁপাহও শিশুটিত বাঢ়িব।
লগতে পঢ়ক আকৌ মোদী-শ্বাহৰ গুজৰাটৰ পৰা ১০০০ কোটি মূল্যৰ ড্ৰাগছ জব্দ
৪. গোটেই দিনটো টিভি চোৱা সীমিত কৰক। বাকী সময়খিনি চিত্ৰ অংকন, গল্প কিতাপ পঢ়াত উচৰ্গা কৰক। প্ৰয়োজন হ’লে শিশুটিৰ লগত খেলা-ধূলা কৰিব লাগে। এইদৰে টিভি বা মোবাইলৰ প্ৰতি আসক্তি কমি যাব।
৫. অত্যধিক স্ক্ৰীণ টাইমৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়ে শিশুসকলক সতৰ্ক কৰি দিব লাগে। ভাল কথাৰে নুশুনিলে শিশুটিক অলপ জোৰেৰে পতিয়ন নিয়াব লাগিব। শিশুটি ছিৰিয়াছ হ’লেও শক্তিশালী হ’ব লাগিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















