অসম লাইভ২৪ঃ দেশত বাজিছে লোকসভা নিৰ্বাচনৰ দামামা। অসমৰ লগতে দেশৰ বিভিন্ন ৰাজ্যত চলিছে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ। সম্প্ৰতি এক যুগলে অতিথিসকলক উপহাৰৰ সলনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আকৌ এবাৰ নিৰ্বাচিত কৰিবৰ বাবে আবেদন জনাই এখন কাৰ্ড চপা কৰিছে। নমোক ভোট দিয়াই হ’ব তেওঁলোকৰ বিবাহত দিয়া শ্ৰেষ্ট উপহাৰ বুলিও উল্লেখ কৰিছে বিবাহিত দম্পত্তিহালে।
এইবাৰৰ নিৰ্বাচনত নমোক আগুৱাই দিয়ক বুলি লিখা অভিনৱ আমন্ত্ৰণ পত্ৰখন এতিয়া সামাজিক মাধ্যমত খুবেই ভাইৰেল। সূত্ৰৰ খবৰ অনুসৰি আমন্ত্ৰিতসকলে প্ৰথমে এই কাৰ্ড দেখি আচৰিতো হৈছে। একাংশই আকৌ এই কাৰ্ড দেখি কইনা আৰু দৰাক ভূয়সী প্ৰশংসা কৰিছে। এই কাৰ্ড মাৰাঠি ভাষাত লিখা।
আসন্ন লোকসভা নিৰ্বাচনত ভোটাৰসকলক উৎসাহ দিবলৈকে মহাৰাষ্ট্ৰৰ পুনেৰ এজন ব্যক্তিয়ে এই কাৰ্ড তৈয়াৰ কৰিছে। মাৰাঠি ভাষাত লিখা কাৰ্ডখনত লিখা আছে এইদৰে। সংসদীয় গণতন্ত্ৰৰ অধিকাৰ মানি আৰু এই দেশক আৰু এঢাপ আগুৱাই নিবলৈ আমাৰ সকলোৰে কণ্ঠস্বৰ সংসদলৈকে পঠিওৱা উচিত। প্ৰত্যেকৰ ভোটেই জৰুৰী।’ কাৰ্ডৰ পাত্ৰ-পাত্ৰীৰ নামত স্থানত লিখা আছে ‘গণতন্ত্ৰ’ আৰু ‘ভোটাৰ’। বিবাহ বাহৰৰ ঠিকনাৰ স্থানত লিখা আছে ‘আপোনাৰ ভোটকেন্দ্ৰ।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ