৭আগষ্ট বুধবাৰে চন্দ্ৰই সিংহ ৰাশি ত্যাগ কৰি কন্যা ৰাশিত গোচৰ কৰিব৷ সূৰ্যই এই সময়ত অৱস্থান কৰিছে কৰ্কট ৰাশিত৷ কাইলৈ শাওন মাহৰ শুক্লপক্ষৰ তৃতীয়া তিথি৷ শাওন মাহৰ বুধবাৰে পালিত হ’ব তীজ৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব পূৰ্ব ফাল্গুনী নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মমতে বুধবাৰ হৈছে সিদ্ধিদাতা গণেশৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য আহিব জানি থওক সবিশেষ৷
বৃষ ৰাশি
৭আগষ্টত গণেশৰ আশীৰ্বাদত ভাল খল লাভ কৰিব বৃষ ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ মনত প্ৰচুৰ সাহস আৰু আত্মবিশ্বাস থাকিব৷ নিজৰ সাহসেৰে কাইলৈ আপুনি সকলো কামতে সফলতা লাভ কৰিব৷ বুধবাৰে দিনটো আপুনি আনন্দেৰে কটাব৷ পৰিয়ালৰ সৈতে বজাৰ কৰিবলৈকো যাব পাৰে আপুনি৷ ব্যৱসায়ীসকলে কাইলৈ ভাল লাভ কৰাৰ সম্ভাৱনা আছে৷
সিংহ ৰাশি
পৰিঘ যোগৰ প্ৰভাৱত সিংহ ৰাশিৰ জাতকে কাইলৈ সকলো কামতেই কোনো ভাল খবৰ পাব পাৰে৷ কাইলৈ দিনটো আপুনি পৰিয়ালৰ সকলোৰে সৈতে ভাল সময় কটাব৷ পেছাগত জীৱনত কাইলৈ আপোনাৰ আত্মবিশ্বাস আৰু এনাৰ্জি বহু বেছি থাকিব৷ কাইলৈ কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷ নিজৰ কেৰিয়াৰত কাইলৈ উন্নতি কৰাৰ বৃহৎ সুযোগ পাব পাৰে সিংহ ৰাশিৰ জাতকে৷
ধনু ৰাশি
কাইলৈ শিৱ যোগৰ শুভ ফল লাভ কৰিব ধনু ৰাশিৰ জাতকে৷ কাইলৈ পৰিয়ালৰ লোকসকলৰ সৈতে বেছ আনন্দৰ দিন কটাব৷ ৰেস্তোৰাত বন্ধুসকলৰ সৈতে পাৰ্টী কৰিব পাৰে৷ কাইলৈৰ দিনটো আপোনাৰ পেছাগত জীৱনত বেছ ফলদায়ী হ’ব৷ কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে কাইলৈ আপোনাৰ আলাপ হ’ব পাৰে৷ বিনিয়োগৰ পৰাও কাইলৈ লাভৱান হ’ব পাৰে আপুনি৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতকে কাইলৈ আৰ্থিকভাৱে লাভৱান হ’ব পাৰে৷ কোনো আইনী জটিলতাৰ পৰা কাইলৈ মুক্তি পাব পাৰে৷ পূৰ্ব ফাল্গুনী নক্ষত্ৰৰ প্ৰভাৱত শত্ৰুসকল আপোনাৰ হাতত পৰাস্ত হ’ব পাৰে৷ অৰ্থ সংক্ৰান্তিয় কোনো বৃহৎ সিদ্ধান্ত কাইলৈ ল’ব পাৰে৷ শুভ যোগৰ শুভ প্ৰভাৱত কাইলৈ নিজৰ সকলো সমস্যাৰ পৰা মুক্ত হ’ব পাৰে কুম্ভ ৰাশিৰ জাতক৷ ব্যৱসায়ত কাইলৈ বৃহৎ সাফল্য পাব পাৰে৷ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশ বৰ্তি থাকিব৷
মীন ৰাশি
৭আগষ্ট লাভজনক দিন হ’ব মীন ৰাশিৰ জাতকৰ বাবে৷ স্বাস্থ্য কাইলৈ বেছ ভাল থাকিব আপোনাৰ৷ বুধবাৰে ঘৰত শিশুসকলৰ সৈতে হৈ হাল্লা কৰি দিনটো কটাব৷ যি সাফল্য আপুনি বহু দিন ধৰি পাবলৈ চেষ্টা কৰি আছে সেয়া কাইলৈ লাভ কৰিব৷ সংগীক সৈতে কাইলৈ ভাল বুজাপৰা থাকিব৷ দুজনে একেলগে কৰোবালৈ ফুৰিবলৈকো যাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ