আজি দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মাই। তৃতীয়বাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠন কৰে ৰাজ্যত। বিশাল মঞ্চত উদ্ভাসিত হয় অসমৰ বাৰেৰহনীয়া কৃষ্টিৰ লগতে সত্ৰ-সংস্কৃতিৰ আভাস। লাখ লোকৰ উপস্থিতিত খানাপাৰাত বিশাল শপতগ্ৰহণ সমাৰোহ অনুষ্ঠিত হয়।
আজি গুৱাহাটীত ভিৰ কৰিছে VIP আৰু VVIP য়ে। এই অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ, বিদেশী ৰাষ্ট্ৰ ৰাষ্ট্ৰদূত আৰু অসমৰ বিভিন্ন জিলাৰ পৰা সত্ৰাধিকাৰ। ইয়াৰোপৰি উপস্থিত থাকে ৰাষ্ট্ৰীয় বিজেপিৰ সভাপতি নীতিন নবীন, শিৱৰাজ সিং চৌহান, কেবিনেট মন্ত্ৰী জে পি নাড্ডা আৰু দেশৰ ২২ ৰাজ্যৰ মুখ্যমন্ত্ৰী।
শপত গ্ৰহণৰ পূৰ্বে ঘৰৰ পৰা ওলাই আহোতে পত্নীৰ হৈছে বহুতো কথা পাতে হিমন্ত বিশ্ব শৰ্মাই। সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীৰ পত্নীয়ে কয়, “তুমি এতিয়া যিদৰে কাম কৰিছে, ঠিক তেনেদৰে আগন্তুক দিনতো এই মৰম, বিশ্বাস জীয়াই ৰাখিবলৈ চেষ্টা কৰিব লাগিব।”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ














